বৰ্ধিত গেমিং অভিজ্ঞতা প্ৰদানৰ বাবে অ’মেন আৰু ভিক্টাছ পিচি মুকলিৰ কথা ঘোষণা কৰিছে এইচ পিয়ে

এইচ পিয়ে ভাৰতত অ’মেন এণ্ড ভিক্টাছ গেমিং ডিভাইচ মুকলি কৰিছে, য’ত গেমাৰসকলৰ বাবে এক উচ্চ মানদণ্ডৰ গেমিং অভিজ্ঞতা আগবঢ়াইছে। এই ৰেঞ্জত অন্তৰ্ভুক্ত হৈছে অ’মেন ট্ৰেন্সেণ্ড ১৬, অ’মেন ১৬, আৰু ভিক্টাছ ১৬ লেপটপ, গেম খেলাৰ সময়ত অতি শীতলতাৰ বাবে উন্নত অ’মেন টেম্পেষ্ট কুলিং ইত্যাদি। অ’মেন গেমিং হাবত প্ৰদৰ্শন মুড আৰু নেটৱৰ্ক বুষ্টাৰ আছে। আনহাতে হাইপাৰএক্স ২৭” কিউএইচডি গেমিং মনিটৰে এক ইমাৰ্চিভ(নিমজ্জিত) গেমিং অভিজ্ঞতা প্ৰদান কৰে।

হাইপাৰএক্স আৰু অ’মেনে স্বজ্ঞাত অডিঅ’ পেয়াৰিং তথা আল্ট্ৰা-লো লেটেন্সি সমাধানৰ বাবে এম্বেড মডিউলৰ সৈতে পৃথিৱীৰ প্ৰথম গেমিং লেপটপ তৈয়াৰ কৰিছে। এই সুবিধা অ’মেন ট্ৰেন্সেণ্ড১৬ লেপটপ আৰু অ’মেন১৬ লেপটপত প্ৰদান কৰা হৈছে, যিয়ে অনবদ্য অডিঅ’ৰ সহিতে এক অবিৰত গেমিং অভিজ্ঞতা প্ৰদান কৰে। হাইব্ৰিড পৰিৱেশত গেমাৰসকলে গেমিং, সৃষ্টি আৰু সামাজিক যোগাযোগসহ একাধিক উদ্দেশ্য পূৰণ কৰা ডিভাইচ বিচাৰে। তেওঁলোকে এএএ গেম আৰু গ্ৰাফিকৰ জৰিয়তে ইণ্টেনছিভ সৃষ্টিশীল কাৰ্যকলাপ যেনে মাল্টিটাস্কিং, ৩ডি মডেল ৰেণ্ডাৰ আৰু শক্তিশালী সৃষ্টিশীল সঁজুলি(টুল) গ্ৰহণ বা ব্যৱহাৰ কৰিব পৰা ডিভাইচ বিচাৰে।

এইচ পিৰ নতুন গেমিং পৰ্টফলিঅ’ই এই প্ৰয়োজনীয়তাসমূহ সমাধান অথবা পূৰণ কৰে। এই বিষয়ে এইচ পি ইণ্ডিয়াৰ জ্যেষ্ঠ সঞ্চালক (পাৰ্ছনেল চিষ্টেম) বিক্ৰম বেদীয়ে কয় যে, “এই ধৰা বা প্ৰৱণতাক স্বীকৃতি প্ৰদান কৰি এইচ পিয়ে নিজৰ নতুন পৰ্টফলিঅ’ৰ সৈতে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ এক বিশ্ব মানদণ্ডৰ পৰিস্থিতিতন্ত্ৰ বৃদ্ধি আৰু সম্প্ৰসাৰণ কৰিছে, যাৰ জৰিয়তে গেমাৰসকলক শক্তিশালী কৰাৰ আৰু গেমিং, ক্ৰিয়েটিং অথবা সংযোগৰ সৰ্বশ্ৰেষ্ঠ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *