কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে মঙলবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে বৰপেটা জিলাত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে বিমানযোগে নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যা ষ্টেচনৰ পৰা ৰেলগাড়ীৰে পোনে পোনে বৰপেটা ৰোড ষ্টেচনলৈ আহে।
বৰপেটা ৰোডত তেওঁ ষ্টেচনত থকা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে।
আজি তেওঁ বৰপেটাৰোডৰ উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবে ৰেল বিভাগে বৰ্তমান লৈ নিদিয়া অনুমতি অনতিপলমে দিয়াৰ বাবে নিৰ্দেশ দিয়ে। আজিৰ এই ভ্ৰমণৰ পিছত তেওঁ হাউলী, দঙৰকুছী আদিত প্ৰাথমিক বিদ্যালয়, বাঁহ-বেতৰ উদ্যোগ আদিৰ উপৰি সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, পানীযোগান কেন্দ্ৰ, প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ ঘৰ, অঙ্গনবাড়ী কেন্দ্ৰ, কৃষি-পাম আদি পৰিদৰ্শন কৰাৰ কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখনি সভাত অংশ লয়।