কাৰ্বি আংলং আৰক্ষীয়ে পুনৰবাৰ বোকাজানত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এজন ব্যৱসায়ীক।
বাছৰ পৰা নামি থকা অৱস্থাত আৰক্ষীয়ে বেপাৰীজনক আটক কৰি প্ৰায় ৫ কেজি ব্ৰাউন চুগাৰ জব্দ কৰে।
প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ হৈছে ব্যক্তিজনৰ বেগৰ ভিতৰত।
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ অতি সতর্কতা আৰু অধ্যৱসায়ৰ প্রচেষ্টাক শলাগ লয়৷