বৈদ্যুতিক বাহনৰ প্ৰস্তাৱৰ বাবে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰৰ সৈতে অংশীদাৰী কৰিছে টাটা মটৰ্ছে

ভাৰতৰ সৰ্ববৃহৎ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰ (কেপিকেবি)ৰ সৈতে অংশীদাৰিত্বৰে অৰ্ধসামৰিক বাহিনী, ৰাজ্যিক আৰক্ষী জোৱান আৰু বিষয়া-জোৱানসকলৰ পৰিয়ালক বৈদ্যুতিক বাহন যোগান ধৰিব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে টাটা মটৰ্ছৰ ই ভি পৰ্টফলিঅ’ৰ বাবে বিশেষ হাৰ(স্পেচিয়েল ৰেট) প্ৰদান কৰা, যাৰ ভিতৰত আছে টিয়াগো.ইভি, টিগ’ৰ ইভি আৰু নেক্সন ইভি প্ৰাইম আৰু মেক্স।

যোৱা ২০০৬ চনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে স্থাপন কৰা কেপিকেবিৰ ১১৯টা মাষ্টাৰ কেণ্টিন আৰু ১৮০০+ সহযোগী কেণ্টিন আছে যিয়ে সেনা-বাহিনী আৰু পৰিয়ালসমূহক সামগ্ৰী বিক্ৰী বা যোগান কৰে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে আৰপিএফ, আইবি, এছপিজি, এনচিআৰবি, এনআইএ, আইটিবিপি, চিআৰপিএফ, এছএছবি, চিআইএছএফ, বিএছএফ, অসম ৰাইফলছ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানকে ধৰি বিভিন্ন বাহিনীৰ জোৱান-কৰ্মচাৰীসকলৰ কল্যাণ সাধন কৰা।

শেহতীয়া অফাৰ আৰু বিভিন্ন গাড়ী ক্ৰয়ৰ বিকল্পৰ বিষয়ে অধিক জানিবলৈ আপোনাৰ নিকটতম ডিলাৰশ্বিপলৈ ফোন কৰক বা চাওক https://ev.tatamotors.com/

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *