ভাৰতৰ আগশাৰীৰ এমএছএমই ঋণ আৰু বাহন ঋণ প্ৰদানকাৰী বেইদ ফিনচাৰ্ভ লিমিটেডে ২৫০ কোটি টকা পৰ্যন্ত ব্যক্তিগত প্লেচমেণ্ট বেচিকৰ বাবে নন কনভাৰ্টিবল ডেবেঞ্চাৰ(অ-পৰিৱৰ্তনযোগ্য ঋণপত্ৰ) জাৰি কৰাত অনুমোদন জনাইছে। ইয়াৰ চৰ্ত আৰু নিয়মসমূহ পৰিচালনা সমিতিৰ ৩২ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত নিৰ্ধাৰণ কৰা হ’ব।
১৯৯১ চনত প্ৰতিষ্ঠা হোৱা বেইদ ফিনচাৰ্ভ লিমিটেড ভাৰতৰ আগশাৰীৰ গাড়ীৰ ঋণ আৰু এমএছএমই ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান। নন-ডিপজিট টেকিং এনবিএফচি হিচাপে ই অটো লোন, বাণিজ্যিক বাহন ঋণ, এমএছএমই লোন, সম্পত্তিৰ বিপৰীতে ঋণ আৰু অন্যান্য সম্পদ সমৰ্থিত ঋণ প্ৰদান কৰে। অভাৱগ্ৰস্ত লোকসকলক সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ সম্প্ৰসাৰণ কৰিছে। বেইদ ফিনচাৰ্ভৰ লক্ষ্য হৈছে স্বচ্ছতা বজাই ৰাখি যুক্তিসংগত খৰচত বিত্তীয় সাহায্য সুলভ কৰি তোলা। কোম্পানীটোৱে ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰৰ বাবে ৫.৬১ কোটি টকাৰ মুঠ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে, যি আগৰ বছৰৰ তুলনাত ১৩১% বেছি।
বিভিন্ন কাৰ্যকলাপৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণো ২৯.৬% বৃদ্ধি পাই ১৮.২৪ কোটি টকা হৈছে, ২০২৩ৰ সময়ছোৱাত এই পৰিমাণ আছিল ১২.৮৩ কোটি টকা। কোম্পানীটোৱে এজিএমত ২২-২৩ বিত্তীয় বৰ্ষৰ বাবে প্ৰতি শ্বেয়াৰত ০.১০ টকাৰ চূড়ান্ত লভ্যাংশ ঘোষণা কৰিছিল।বেইদ ফিনচাৰ্ভৰ লক্ষ্য হৈছে আনুষ্ঠানিক বিত্তীয় সাহায্য প্ৰদান কৰি ক্ষুদ্ৰ ব্যৱসায়ৰ মালিক আৰু অভাৱগ্ৰস্ত অঞ্চলৰ লোকসকলক আৰ্থিক সহায় প্ৰদান কৰা। কোম্পানীটোৱে বিশ্বাসক গুৰুত্ব দিয়ে আৰু বজাৰত এক শক্তিশালী সুনাম গঢ়ি তুলিছে, আহি থকা প্ৰজন্মৰ বাবে নিজৰ উত্তৰাধিকাৰ বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।