বেংগালুৰুত জি-২০ ডিজিটেল অৰ্থনীতি কৰ্মগোটৰ বৈঠকৰ সমাপ্তি

ভাৰতৰ জি-২০ অধ্যক্ষতাত ১৯ আগষ্টত বেংগালুৰুত ডিজিটেল ইকনমি ৱৰ্কিং গ্ৰুপ(অৰ্থনীতি কৰ্মগোট)ৰ মন্ত্ৰীসভাৰ অনুষ্ঠিত হয়। এই বৈঠকখন এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয় যে, “ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিই গ্লবেল প্ৰত্যাহ্বানসমূহৰ বাবে কাৰ্যক্ষম, সুৰক্ষিত আৰু সামগ্ৰিক সমাধান প্ৰদান কৰে”। এই ডিজিটেল অৰ্থনীতিৰ বিশ্বব্যাপী বিস্তাৰৰ ফলত উদ্ভৱ হোৱা নিৰাপত্তাজনিত ভাবুকি আৰু প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “এক সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক ডিজিটেল অৰ্থনীতিৰ বাবে জি-২০ উচ্চ-স্তৰৰ নীতিসমূহৰ ওপৰত ঐকমত গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।”

বেংগালুৰুত ১৬-১৮ আগষ্টলৈ জি-২০ ডিজিটেল ইন’ভেচন এলায়েন্স ছামিটৰ লগত সংগতি ৰাখি ডিজিটেল ইক’নমি ৱৰ্কিং গ্ৰুপৰ বৈঠক অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ তথা ইলেক্ট্ৰনিকছ আৰু তথ্যপ্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে। ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ষ্টাৰ্টআপ হাবৰ অধীনত আৰম্ভ কৰা জি-২০-ডিআইএ পদক্ষেপে ছটা খণ্ডত ষ্টাৰ্টআপ বৃদ্ধি ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰিছে: এড-টেক, হেল্থ-টেক, এগ্ৰি-টেক, ফিন-টেক, সুৰক্ষিত ডিজিটেল আন্তঃগাঁথনি আৰু বৃত্তাকাৰ অৰ্থনীতি(চাৰ্কুলাৰ ইক’নমি)। বিশ্বৰ ২৯খন দেশৰ ১৭০টাতকৈও অধিক ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছিল আৰু এক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰি ৩০টা ষ্টাৰ্টআপক সন্মান জনোৱা হয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *