আমেৰিকাৰ এটি বেচৰকাৰী সংস্থা INTERNATIONAL CONGRESS OF ORAL Implantology (ICOI) দ্বাৰা ASEN CONGRESS, বেংককত সন্মানিত হয় চৰাইদেউৰ সুসন্তান ডাঃ মাধুৰ্য বৰগোহাঁই। ইয়াৰ ওপৰিও কেইদিনমান পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা বৃহত্তম দন্ত পাঠদানৰ Guinness book of world Record ত অংশগ্ৰহণ কৰি সফলতাৰে সম্পন্ন কৰি আন এক কৃতিত্ব অৰ্জন কৰে চিকিৎসকজনে ।

ডাঃ মাধুৰ্য বৰগোহাঁইক বৰ্তমান সোণাৰিৰ চাণক্য ডেন্টেল ক্লিনিকৰ মুখ্য দন্ত চিকিৎসা বিষয়া । তেওঁ জীৱন দন্ত স্বাস্থ্যক অগ্ৰগতি কৰাৰ বাবে গৱেষণা আৰু ক্লিনিকেল প্ৰেকটিচৰ জৰিয়তে উছৰ্গা কৰি ৰোগীৰ ফলাফলত উল্লেখযোগ্যভাৱে উন্নতি সাধন কৰিছে।

তেওঁৰ চেষ্টাসমূহে তেওঁৰ বিপুল প্ৰশংসা আৰু অসংখ্য সন্মান লাভ কৰিছে । ড° মাধুৰ্য বৰগোহাঁই হৈছে জিলাখনৰ লাকুৱা অঞ্চলৰ থানামুখৰ নিবাসী প্ৰয়াত ত্ৰিবেণ বৰগোহাঁই আৰু শ্ৰীমতী প্ৰণিতা কোঁৱৰ গোহাঞিৰ সুযোগ্য সন্তান।

উল্লেখযোগ্য যে বেংককত ICOI বাৰ্ষিক সভাত এই বঁটা গ্ৰহণ কৰি তেওঁৰ স্বীকৃতি ভাষণত তেওঁৰ সহকৰ্মীসকল, পৰিয়াল আৰু ৰোগীসকলক সমৰ্থন আৰু অনুপ্ৰেৰণাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।