বি.আই.এছ. আৰু এন.ই.আই.এ.ডি.-ৰ হলমাৰ্কৰ ওপৰত সজাগতা অভিযানৰ আয়োজন

ধনতেৰাছ আৰু দেৱালী উৎসৱৰ বতৰত সোণৰ গহনাৰ হলমাৰ্কিঙৰ বিষয়ে গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে, এন.ই.এ.আই.ডি.-ৰ সহযোগত ভাৰতীয় মানক ব্যুৰোৱে চহৰখনৰ বিভিন্ন স্থানত বাটৰ নাট অনুষ্ঠিত কৰে আৰু তাৰ পিছতেই এখন সংবাদমেল অনুষ্ঠিত কৰে।

দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত বি.আই.এছ. গুৱাহাটীৰ মুৰব্বী সব্যসাচী ধৰে জনায় যে ক্ৰয় কৰা গহনাবোৰৰ প্ৰয়োজনীয় বিশুদ্ধতা নিশ্চিত কৰাৰ একমাত্ৰ উপায় হ’ল হলমাৰ্কযুক্ত জুৱেলাৰী বিচৰা আৰু তিনিটা চিন বিচৰা যিসমূহ হৈছে বি.আই.এছ. ষ্টেণ্ডাৰ্ড মাৰ্ক, সোণৰ বিশুদ্ধতা আৰু সূক্ষ্মতা।

তেওঁ লগতে জনায় যে গ্ৰাহকসকলে চিনটো প্ৰমাণিত কৰিবলৈ বৈধ অনুজ্ঞাপত্ৰ থকা জুৱেলাৰৰ সৈতে উপলব্ধ মেগনিফাইং গ্লাছ ১০এক্সৰ সহায় ল’ব পাৰে।

গুৱাহাটীৰ বি.আই.এছ.ৰ হল মাৰ্কিং এজেণ্ট শ্ৰী দ্বীপ ডেকাই জনায় যে অলংকাৰৰ শুদ্ধতা সম্পৰ্কে তথ্য লাভ কৰিবলৈ বি.আই.এছ. কেয়াৰ এপৰ জৰিয়তে গহনাবোৰৰ ওপৰত থকা ছয় টা সংখ্যাৰ আলফানিউমেৰিক কোড পৰীক্ষা কৰিব পাৰি।

বি.আই.এছ.-ৰ ডেপুটী-সঞ্চালক শ্ৰী বিজয় গৌৰাওয়ে গ্ৰাহকসকলক আঙুঠি আদিৰ দৰে সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সময়ত দোকানৰ নাম, গ্ৰামত ওজন, কাৰ্টেজ, ক্ৰয়ৰ তাৰিখ, মান পৰীক্ষণ মাচুল আদিৰ বিৱৰণ থকা এখন সঠিক বিলৰ সৈতে হলমাৰ্কযুক্ত গহনা ক্ৰয় কৰিবলৈ আহ্বান জনা্য কিয়নো ই অনুসৰণযোগ্যতা বজাই ৰখাত সহায় কৰে।

প্ৰতিনিধিসকলৰ দ্বাৰা এইটোও জনোৱা হয় যে জুৱেলাৰসকলে পঞ্জীয়নৰ বাবে কোনো মাচুল পৰিশোধ কৰাৰ প্ৰয়োজন নাই আৰু সেয়েহে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীবোৰ হলমাৰ্কযুক্ত কৰাবলৈ তথা তেওঁলোকৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰিবলৈ অনলাইন পঞ্জীয়ন প্ৰাপ্ত কৰা উচিত।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *