বিৰোধীৰ মিত্ৰজোঁটৰ নাম “INDIA” ৰখাক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰীৰ, ক’লে…

বিৰোধী মিত্ৰজোঁটৰ নাম “INDIA” ৰখাক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ। ইংৰাজেহে জাতিটোক “INDIA” নামকৰণ কৰিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

টুইটাৰত শৰ্মাই কয়, ”আমাৰ সভ্যতামূলক সংঘাত ভাৰত আৰু ভাৰতৰ চাৰিওফালে ঘূৰি আছে”।

”ইংৰাজে আমাৰ দেশৰ নাম ৰাখিলে “INDIA”। আমি ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ বাবে যুঁজিছিল, আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম।” তেওঁ লগতে কয়।

১৭ জুলাইত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত শাসকীয় এন ডি এৰ সৈতে যুঁজত নামিবলগীয়া বিৰোধী মিত্ৰজোঁটৰ নাম ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়নমূলক অন্তৰ্ভুক্ত মিত্ৰজোঁট (INDIA) বুলি ঘোষণা কৰাৰ পিছতে শৰ্মাৰ এই বক্তব্য প্ৰকাশ পাইছে।

খৰ্গেয়ে আৰু কয় যে বিৰোধী গোটৰ দ্বিতীয়খন বৈঠক দেশৰ নাগৰিকৰ স্বাৰ্থত গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

‘আমি একত্ৰিত হৈ বিভিন্ন বিষয়ত আলোচনা কৰিছো। আজি গ্ৰহণ কৰা প্ৰস্তাৱক সমৰ্থন কৰিলে ৰাইজে। আমাৰ মিত্ৰজোঁটৰ নাম হ’ব ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স (INDIA)।’- খৰ্গে লগতে কয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *