বিহাৰত পুনৰ জংঘল ৰাজ! দিনৰ পোহৰতে গুলীয়াই হত্যা প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱা অৱসৰপ্ৰাপ্ত শিক্ষকক

অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা বিহাৰত প্ৰতিদিনে বৃদ্ধি পাইছে হত্যা আৰু অন্য অপৰাধৰ ঘটনা। ৰাজ্যখনৰ অবাধ অপৰাধৰ ঘটনাৰ মাজতে এইবাৰ দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হ’ল এগৰাকী অৱসৰপ্ৰাপ্ত বিদ্যালয় শিক্ষকক। বেগুছৰাইত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি বেগুছৰাইত মৰ্নিং ৱাক কৰিবলৈ ওলাই যোৱাৰ সময়তে গুলীচালনা কৰে শিক্ষকজনক। হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সম্পত্তিৰ বিবাদৰ বাবে শিক্ষকজনক গুলীয়াই হত্যা কৰা বুলি অনুমান কৰা হৈছে। ইয়াৰ পূৰ্বে প্ৰায় দুবছৰ পূৰ্বে সম্পত্তিৰ বিবাদৰ সৈতে জড়িত তেওঁৰ পুত্ৰকো গুলীয়াই হত্যা কৰা হৈছিল। অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকজন পুত্ৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোৰ সাক্ষী আছিল। পুত্ৰৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে জড়িত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰাৰ কথা আছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

খবৰ অনুসৰি অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ নাম জৱাহৰ ৰায়। শনিবাৰে পুৱা বাইক আৰোহী দুজন অপৰাধীয়ে তেওঁক গুলীয়াই হত্যা কৰে। থিতাতে মৃত্যু হয় ৭০ বছৰীয়া ব্যক্তিজনৰ। শিক্ষকগৰাকীৰ হত্যাকাণ্ডৰ পিছতে গাঁওবাসীৰ মাজত আতংকৰ পৰিবেশে বিৰাজ কৰিছে।

ইতিমধ্যে এই গোচৰৰ সন্দৰ্ভত এফআইআৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বিহাৰত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধক লৈ নেটিজেনৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। তেওঁলোকে কৈছে যে নীতিশ কুমাৰে বিহাৰত জংঘল ৰাজ ২ মডেলৰ গৌৰৱ কৰিছে। লুণ্ঠন-হত্যা এতিয়া বিহাৰত দৈনন্দিন পৰিঘটনাত পৰিণত হৈছে যিয়ে স্পষ্টভাৱে লালু যুগৰ অন্ধকাৰ যুগৰ কথা মনত পেলাই দিয়ে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *