বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰছিলে নাইজেৰিয়াৰ স্প্ৰিণ্টাৰ টবি আমুছানীয়ে

 নাইজেৰিয়াৰ স্প্ৰিণ্টাৰ টবি আমুছানীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰিছে। টবিয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলা হৰ্ডলছ ইভেণ্টৰ বিশ্ব অভিলেখ ভংগ কৰিছে। ২৫ বছৰীয়া এথলীটগৰাকীয়ে দুঘণ্টাৰ ভিতৰতে নিজৰ অভিলেখ ভংগ কৰে। ইউজিনত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত টবিয়ে প্ৰথম ছেমি ফাইনেলত ১২.১২ ছেকেণ্ডৰ সৈতে এক নতুন বিশ্ব অভিলেখ গঢ়ে আৰু মাত্ৰ ২ ঘণ্টাত নিজৰ অভিলেখ অতিক্ৰম কৰে।ছেমি ফাইনেলত ১২.১২ ছেকেণ্ডৰ অভিলেখ গঢ়াৰ পিছত, ফাইনেলত টবিয়ে তেওঁৰ সময় হ্ৰাস কৰি মাত্ৰ ১২.০৬ চেকেণ্ডত  ইভেণ্টটো সমাপ্ত কৰে আৰু এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ সৈতে, তেওঁ চেম্পিয়নশ্বিপৰ মহিলাৰ ১০০ মিটাৰ হৰ্ডলছৰ সোণৰ পদক অর্জন কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *