উইম্বলডনৰ ফাইনেলত বিশ্বৰ দ্বিতীয় নম্বৰ ন’ভাক জক’ভিচক পৰাস্ত কৰি কাৰ্লোছ আলকাৰেজে এক নম্বৰ স্থান বজাই ৰাখিছে, আনহাতে মহিলা চেম্পিয়ন মাৰ্কেটা ভণ্ড্ৰোছোভাই শীৰ্ষ ১০ ত উপনীত হৈছে।অল ইংলেণ্ড ক্লাবত শনিবাৰে অনুষ্ঠিত ফাইনেলত অন্স জাবাউয়াৰৰ বিৰুদ্ধে ৬-৪, ৬-৪ ব্যৱধাৰাত জয়লাভ কৰাৰ পিছত ভণ্ড্ৰোছোভাই ৩২ টা স্থান আগুৱাই দশম স্থানত উপনীত হৈছে। তেওঁ উইম্বলডন খিতাপ জয় কৰা প্ৰথম অবাছাই খেলুৱৈ। দেওবাৰে পুৰুষৰ একক ফাইনেলত আলকাৰেজে জকোভিচক ১-৬, ৭-৬ (৬), ৬-৪, ৩-৬, ৬-৪ ব্যৱধানত পৰাস্ত কৰি শীৰ্ষ স্থান বজাই ৰাখে। যোৱা ১৫ মাহ ধৰি এক নম্বৰ স্থান ইগা চুয়াটেক বৰ্তি আছে। উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত চুয়াটেক পৰাজিত হোৱাৰ উপৰিও চাবালেঙ্কা ছেমি ফাইনেলত পৰাজিত হয়। মহিলাৰ ৰেংকিংত, শীৰ্ষ সাতজন খেলুৱৈয়ে তেওঁলোকৰ স্থান বজাই ৰাখিছে। এলিনা ৰাইবাকিনা তিনি নম্বৰত আছে। তেওঁৰ পিছত আছে জেছিকা পেগুলা, কেৰোলিন গাৰ্চিয়া, জাবাউৰ আৰু কোকো গফ।