বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত আনন্দ উদযাপন! কাশ্মীৰত গ্ৰেপ্তাৰ ৭ শিক্ষাৰ্থী

বিশ্বকাপ-২০২৩ৰ ফাইনেলত ভাৰতৰ পৰাজয় উদযাপন কৰা জম্মু-কাশ্মীৰৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত আটাইকেইজন কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে। অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আটাই কেইজনক। সোমবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে। আটাইকেইজন অভিযুক্ত শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ।

আৰক্ষীয়ে জনোৱা মতে, এজন অস্থানীয় ছাত্ৰৰ অভিযোগৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষাৰ্থী কেইজনক। অভিযোগকাৰী ছাত্ৰজনে তেওঁৰ সহপাঠীসকলে তেওঁক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰিছিল। ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁলোকে আপত্তিজনক শ্লোগান দি ভাৰতৰ পৰাজয় উদযাপন কৰিছিল। বিষয়াসকলে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ইউএপিএ আৰু আইপিচিৰ বিভিন্ন শাখাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে বিশ্বকাপ-২০২৩ৰ ফাইনেলখন ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। ৬ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া। প্ৰতিযোগিতাখনত টিম ইণ্ডিয়াই একেৰাহে ১০খন খেলত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ অতি ওচৰ চাপিছিল ভাৰত। সেয়া আছিল বিশ্বকাপত ভাৰতৰ চতুৰ্থখন ফাইনেল।

কিন্তু ফাইনেলত ভাৰতক পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *