বিশাল জনসমাৱেশ প্ৰত্যক্ষ কৰি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

একাদশ দিনা জনসমুদ্ৰত পৰিণত হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়াৰ ভাগত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি কৰে ৷ ইপিনে “মুকুতা” আলোচনীৰ উদ্যোগত অনুষ্ঠিত কৰা “শিশুৰ দিন”ত কণ-মইনাহঁতৰ কলকলনিত মুখৰিত হৈ পৰে গ্ৰন্থমেলা ৷ “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে ৷ অসম প্ৰকাশন পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় —“গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো অন্ত্যন্ত আাশাব্যঞ্জক ৷ শিশুৰ প্ৰতিভা বিকাশ আৰু সেই প্ৰতিভাক এখন মঞ্চ দিয়াটো আতি প্ৰয়োজনীয় ৷ কাৰণ শিশু সকলেই দেশৰ ভৱিষ্যত ৷অসম প্ৰকাশন পৰিষদে এই কাম কৰি শিশুসকলক উৎসাহ যোগাইছে ৷” শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে অনুষ্ঠিত কৰা হয় আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা ৷ সাধু কোৱা প্ৰতিযোগিতাত “ক” শাখাত অভিৰূপ আকাশ শাণ্ডিল্য , স্নেহাশ্ৰী গোস্বামীয়ে যুটীয়াভাৱে প্ৰথম, ভাস্বতী শাণ্ডিল্য , শিপা ভৰদ্বাজে যুটীয়ভাৱে দ্বিতীয়, দিশিতা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু ৰাগিনী কাশ্যপ, অক্ষীকা কাশ্যপে উদগনি বঁটা লাভ কৰিছে ৷“খ” শাখাত বাব্‌লী সূত্ৰধাৰ , স্বাতী মেধিয়ে যুটীয়াভাৱে প্ৰথম, যুগান্তৰ কৈৱৰ্ত্তই দ্বিতীয়, আদ্ৰিকা বৰঠাকুৰ, জিৰাস্মৃতা নথে যুটীয়াভাৱে তৃতীয় স্থান আৰু পাল্কী বেজবৰুৱা, প্ৰশস্তি মজুমদাৰ, প্ৰিয়াস্মিতা ৰয়ে উদগনি বঁটা লাভ কৰিছে ৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত “ক” শাখাত হিমজ্যোতি কুমাৰে প্ৰথম, স্নেহশ্ৰী গোস্বামীয়ে দ্বিতীয়, জ্যোতিষ্মান দাসে তৃতীয় স্থান আৰু মৃগনাভ কলিতা, সৃষ্টি কলিতা, পূৱাঞ্চী দাসে উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত বাব্‌লী সূত্ৰধৰে প্ৰথম , জিৰাস্মৃতা নাথে দ্বিতীয়, তুষা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু মনস্তুুতি বৰা, প্ৰজ্বলিতা বড়া , স্বাতী মেধিয়ে উদগনি বঁটা লাভ কৰিছে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত “ক” শাখাত পূবাঞ্চী দাসে প্ৰথম, হিমজ্যোতি কুমাৰে দ্বিতীয়, শিপা ভৰদ্বাজে তৃতীয় আৰু দ্বিশিতা ভৰদ্বাজ, অভিনন্দা কলিতাই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শখাত ৰাঘৱী দত্তই প্ৰথম , ৰিমঝিম হাজৰিকাই দ্বিতীয়, অনুশিখা ডেকাই তৃতীয় আৰু তুষা ভট্টাচাৰ্য , নাছৰিণ আহমেদ, প্ৰজ্বলিতা বড়াই উদগনি বঁটা লাভ কৰিছে ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত তৃষা দেৱীয়ে প্ৰথম , ৰিয়াংশী বেজবৰুৱাই দ্বিতীয়, জিজ্ঞাসা গৌতমে তৃতীয় স্থান আৰু দোক্‌মোকালি গোস্বামী, তুহিন তালুকদাৰ, অভিশ্ৰুতি তালুকদাৰ, অংশুমাল দেউৰী, বিপাশা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত দিশাংক চক্ৰৱৰ্তীয়ে প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু অনুৰাগ শৰ্মা, ঋতুৰাজ দেৱশৰ্মা, কৃশানুজ্যোতি কাশ্যপ, এনী কাশ্যপ, উপাসনা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, পাৰ্ল দত্তই দ্বিতীয়, শোভাংগী স্নেহা কাশ্যপে তৃতীয় স্থান আৰু দীপম পাটোৱাৰী, বংকিম পাঠক, লিজা ৰহমানে উদগনি বঁটা লাভ কৰিছে৷
প্ৰতিযোগিতাৰ ফলাফল অনুসৰি কাইলৈ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উল্লেখ্য যে বিদ্বৎ সমাজ , সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ লগতে ইয়াত অংশগ্ৰহণ কৰা আন আন প্ৰকাশন গোষ্ঠী সমূহে ৷ একাদশ দিনালৈ ৫কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷

গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কালি সন্ধিয়া গ্ৰন্থমেলাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থমেলাত জনসমুদ্ৰ দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয়—“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰশ বিক্ৰেতা সংস্থাই গ্ৰন্থ আন্দোলন তৰান্বিত কৰি অসমত এক সুন্দৰ বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিছে ৷ অসম চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা গুৱাহাটীৰ লগতে বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াৰ ফলত বিদ্যায়তনিক ক্ষেত্ৰখন সমৃদ্ধ হ’ব , ভাষা-সাহিত্যৰ বাবেও এই পদক্ষেপ আশাব্যঞ্জক ৷ মানুহে দলে দলে আহি গ্ৰন্থ ক্ৰয় কৰাটো অত্যন্ত উৎসাহজনক ৷ বিশেষকৈ তৰুণ প্ৰজন্মই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সমাজ-জীৱনৰ বাবে শুভবাৰ্ত্তা ৷ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ পঢ়াৰ অভ্যাস গঢ় লৈ উঠিব ৷” তেওঁ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “নৱকান্ত বৰুৱা ৰচনাৱলী” আৰু “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী ” ক্ৰয় কৰে ৷ সমন্বয় প্ৰকাশন আৰু শিশু সাহিত্য ন্যাসে গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে সোণোৱালক ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *