বিমান পৰিচাৰিকাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অভিযুক্তৰ আৰক্ষীৰ জিম্মাত আত্মহত্যা, চাঞ্চল্য

মুম্বাইত এগৰাকী এয়াৰ হোষ্টেছক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। শেষত আৰক্ষীৰ জিম্মাত আত্মহত্যা কৰে অভিযুক্তই। জানিব পৰা মতে, আৰক্ষীৰ কোঠাৰ ভিতৰত পেণ্ট ব্যৱহাৰ কৰি তেওঁ আত্মহত্যা কৰে। বৃহস্পতিবাৰে জেলৰ পৰা উদ্ধাৰ কৰে তেওঁৰ ফাঁচী মৃতদেহ। প্ৰসংগক্ৰমে যোৱা দেওবাৰে মুম্বাইত এগৰাকী বিমান পৰিচাৰিকাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল লোকজনক।

যোৱা দেওবাৰে ৰূপল অগ্ৰে নামৰ বিমান পৰিচাৰিকাগৰাকীৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা এয়াৰ ইণ্ডিয়াৰ সৈতে প্ৰশিক্ষণৰ বাবে মুম্বাইৰ এটা ফ্লেটত আছিল ৰূপল। সেই ফ্লেটৰ পৰা ৰূপলক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইয়াৰ পিছতে হত্যাকাণ্ডৰ তদন্তৰ বাবে বিক্ৰম আটৱালক গ্ৰেপ্তাৰ কৰা হয়।

জনা যায় যে বিক্ৰমে আগতে মুম্বাইৰ সেই ফ্লেটটোত বহুদিন কাম কৰিছিল। যোৱা শনিবাৰে তেওঁ ৰূপলৰ ফ্লেটত জোৰকৈ সোমাইছিল। বিক্ৰমে ৰূপলক অকলে থকাৰ সময়ত ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। ৰূপলে বাধা দিওঁতে ডিঙি ৰেপি হত্যা কৰে। ইয়াৰ পিছতে বিক্ৰমে মৃতদেহটো বাথৰুমত লুকুৱাই সেই অঞ্চলৰ পৰা ওলাই যায়।

তালাচী আৰম্ভ হোৱাৰ লগে লগে চিচিটিভিৰ ফুটেজত বিক্ৰমৰ পলায়নৰ দৃশ্য বন্দী হয়। সেই ভিত্তিতে বিক্ৰমক গ্ৰেপ্তাৰ কৰা হৈছিল। জেৰাৰ অধীনত তেওঁ এই অপৰাধ স্বীকাৰ কৰে। ইয়াৰ পিছতে বৃহস্পতিবাৰে বিক্ৰমৰ কোঠাৰ পৰা ওলমি থকা মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ধাৰণা কৰিছিল যে বিক্ৰমে কোঠাটোতেই আত্মহত্যা কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *