বিদ্যুতসহ খাদ্য, ঔষধ আৰু পানীৰ অভাৱত ভয়ংকৰ মানৱীয় সংকটত গাজা

ইজৰাইল আৰু সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত অব্যাহত আছে যুদ্ধ। ইয়াৰ মাজতে
ইজৰাইলৰ শক্তি মন্ত্ৰী ইজৰাইল কাটজে ঘোষণা কৰিছে যে ইজৰাইলৰ বন্দীসকলক মুকলি নকৰালৈকে গাজাৰ অৱৰোধ সমাপ্ত নহ’ব, আৰু পানী আৰু বিদ্যুৎ যোগান কৰ্তন কৰি ৰখা হ’ব। তেওঁ কয়-যেতিয়ালৈকে আমাৰ বন্দীসকলক মুকলি কৰা নহয়, পাৱাৰ চুইচবোৰ অন কৰা নহ’ব, বা পানীৰ হাইড্ৰেণ্ট খোলা নহ’ব, বা ইন্ধনৰ ট্ৰাকবোৰ গাজাত প্ৰৱেশ কৰিব দিয়া নহ’ব।
ইজৰাইলে শনিবাৰৰ পৰা গাজাত বিদ্যুতসহ খাদ্য, ঔষধ আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ কৰি দিছে। যাৰ ফলত গাজাত ভয়ংকৰ মানৱীয় সংকটে দেখা দিছে। বুধবাৰে গাজাৰ একমাত্ৰ শক্তি প্ৰকল্পটো বন্ধ হোৱাৰ ফলত গাজা অন্ধকাৰত ডুব গৈছে। ইয়াৰ মাজতে ইজৰাইলৰ বোমাবর্ষণ অব্যাহত আছে। গাজাৰ মুখ্য চিকিৎসালয়ৰ জেনেৰেটৰত মাত্ৰ কেইঘণ্টামানৰ ইন্ধন বাকী আছে। সহায়ক গোটবোৰে কৈছে যে গাজাত ইজৰাইলী অৱৰোধৰ বাবে খাদ্য আৰু বিশুদ্ধ পানী শেষ হৈ আহিছে। ইজিপ্তে গাজালৈ সাহায্য অনাৰ বাবে ছয় ঘণ্টাৰ মানৱীয় যুদ্ধ বিৰতিৰ আহ্বান জনাইছে। ফিলিস্তানি স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, গাজাত ১,২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।
এই আক্ৰমণত প্ৰায় ৫,৩৩৯ জন লোক আহত হৈছিল। ৰাষ্ট্ৰসংঘই কয় যে ৩,৩৮,০০০ তকৈও অধিক ফিলিস্তানি স্থানচ্যুত হৈছে – বেছিভাগে চিকিৎসালয় আৰু ৰাষ্ট্ৰসংঘৰ বিদ্যালয়ত আশ্ৰয় লৈ আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *