বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদ কৰাটো অত্যন্ত নিন্দনীয় : চি পি আই (এম)

আজি গুৱাহাটী মহানগৰীৰ শিলসাঁকো অঞ্চলত জিলা প্ৰশাসন আৰু অসম আৰক্ষী তথা আৰক্ষী বেটেলিয়নৰ জোৱানে উচ্চেদ অভিযান চলোৱা কাৰ্য্যক অমানুষিক আৰু সংবিধান বিৰোধী বুলি অভিহিত কৰে  চি পি আই (এম) ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে যুদ্ধংদেহী মনোভাব লৈ  নিৰীহ লোকক বৰ্বৰভাৱে উচ্চেদ আৰু গৃহহীন কৰে৷ এই অভিযানত জেচিবি, এক্সকেভেটৰেৰে এফালৰ পৰা স্থানীয় বাসিন্দাসকলৰ ঘৰ-বাৰী, সম্পত্তি আদি সকলোবোৰ ভাঙি তহিলং কৰে৷ উল্লেখযোগ্য যে উচ্চেদিত লোকসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত বসবাস কৰি আছে ৷ এতিয়া বাৰিষাৰ, প্ৰাকৃতিক দুৰ্যোগৰ দৰে পৰিস্থিতিত এনেদৰে উচ্চেদ কৰি অঞ্চলটোৰ সাধাৰণ ৰাইজক অথাই সাগৰত পেলোৱা এই কাৰ্য অমানুষিক আৰু সংবিধানবিৰোধী৷ প্ৰশাসনে কোনো আইনী ব্যৱস্থা গ্ৰহণ তথা বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এনেদৰে দীৰ্ঘদিন ধৰি বসবাস কৰা জনজাতীয় আৰু অন্যান্য সাধাৰণ শ্ৰেণীৰ লোকক অযথা বৰ্বৰ উচ্চেদ কৰা কাৰ্য মানৱাধিকাৰ ভংগৰ উদাহৰণ আৰু ভাৰতীয় সংবিধানৰ ২১ অনুচ্চেদৰো বিৰোধী৷ এই পৰিস্থিতিত চি পি আই (এম)ৰ মহানগৰ জিলা কমিটিয়ে দাবী জনায় যে  (১) অঞ্চলতটোত উচ্চেদ অভিযান বন্ধ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ক্ষতিপূৰণ দিয়াআৰু ততালিকে তেওঁলোকৰ পুনৰ সংস্থাপন নিশ্চিত কৰা, (২) বিকল্প সংস্থাপন অবিহনে সমগ্ৰ জিলাখনত সকলো অঞ্চলতে উচ্চেদ অভিযান বন্ধ কৰক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *