ভাৰতৰ ২১০ জনীয়া দলটোৱে বাৰ্মিংহাম কমনৱেলথ গেমছত ৬১ টা পদক অর্জন কৰে, যাৰ ভিতৰত আছিল এথলেটিকছ, ক্ৰিকেট, হকী, বক্সিং আৰু কুস্তিত ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জ। ভাৰতীয় স্বৰ্ণ পদক বিজয়ীৰ তালিকা আছে-
অচিন্ত শৌলী (ভাৰোত্তোলন): সোণ, জেৰেমি লালৰিনুঙ্গা (ভাৰোত্তোলন): সোণ, মীৰাবাঈ চানু (ভাৰোত্তোলন): সোণ, ৰূপা ৰাণী তিৰ্কী, লাভলী চৌবে, নয়নমনী শইকীয়া, পিঙ্কি সিং (লন বল): সোণ, বজৰং পুনিয়া (কুস্তি): সোণ, সাক্ষী মালিক (কুস্তি): সোণ, দীপক পুনিয়া (কুস্তি): সোণ, ৰবি কুমাৰ দাহিয়া (কুস্তি): সোণ, বিনেশ ফোগাট (কুস্তি): সোণ, নবীন মালিক (কুস্তি): সোণ, নিখাত জাৰিন (বক্সিং): সোণ, অমিত পাংঘাল (বক্সিং): সোণ, নীতু গাংহাচ (বক্সিং): সোণ, সুধীৰ (পাৱাৰ লিফটিং): সোণ, পি ভি সিন্ধু (বেডমিণ্টন): সোণ, লক্ষ্য সেন (বেডমিণ্টন): সোণ, চিৰাগ চেট্টী। সাতৱিকচাইৰাজ ৰাঙ্কিৰেড্ডী (বেডমিণ্টন): সোণ, অচন্ত শৰৎ কমল (টেবুল টেনিছ): সোণ,
শৰৎ কমল-শ্ৰীজা আকুলা (টেবুল টেনিছ): সোণ, হৰমিত দেশাই, ছানিয়া চেট্টী, শৰৎ কমল, জি সাথিয়ান (টেবুল টেনিছ): সোণ, ভবিনা পেটেল (পেৰা টেবল টেনিছ): সোণ আৰু এলডোচ পল (ট্ৰিপল জাম্প): সোণ।