বাৰ্ণিল কাৰ্যসূচীত ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী উপস্থিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৩ৰ চতুৰ্থ আৰু অন্তিমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। এই নিৰ্ণায়ক খেলখন আৰম্ভ হোৱাৰ পূৰ্বে ষ্টেডিয়ামত এক বৰ্ণিল কাৰ্যসূচী আয়োজন হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম ক্ৰিকেট শৃংখলাৰ ৭৫ বছৰ উপলক্ষে এই বিশাল অনুষ্ঠানটো অনুষ্ঠিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম ক্ৰিকেট শৃংখলা ১৯৪৭ চনৰ নৱেম্বৰৰ পৰা ১৯৪৮ চনৰ ফেব্ৰুৱাৰীলৈ খেলা হৈছিল। এইখন পাঁচ খন খেলৰ টেষ্ট শৃংখলা আছিল। এই টেষ্ট শৃংখলাটোৱে এই বছৰৰ ফেব্ৰুৱাৰীত ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল। প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এই বিশেষ অনুষ্ঠানটো উদযাপন কৰিবলৈ আহমেদাবাদৰ ষ্টেডিয়ামত উপস্থিত আছিল। ইয়াত দুয়োগৰাকী প্ৰধানমন্ত্ৰীক ৰথত উঠি ষ্টেডিয়ামত উপস্থিত দৰ্শকসকলক শুভেচ্ছা জনোৱা দেখা গৈছিল। খেলখনৰ ঠিক পূৰ্বে, পৰম্পৰাগত গীত আৰু নৃত্যৰ এক অনুষ্ঠান আয়োজন কৰা হয়। ইয়াত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিজ নিজ দেশৰ দলৰ অধিনায়কসকলক টেষ্ট কেপও প্ৰদান কৰে। উল্লেখ্য যে আহমেদাবাদ টেষ্ট হৈছে বৰ্ডাৰ-গাভাস্কাৰ ২০২৩ ৰ নিৰ্ণায়ক খেল। এই শৃংখলাত টীম ইণ্ডিয়া বৰ্তমান ২-১ ত আগবাঢ়ি আছে। আহমেদাবাদ টেষ্টৰ ফলাফলে কেৱল শৃংখলাটোৰ বিজয়ীৰ সিদ্ধান্ত লোৱাই নহয় ই ডব্লিউটিচিৰ ফাইনেলত উপনীত হোৱা ভাৰতৰ স্থিতিও স্পষ্ট কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *