বাৰ্চিলোনা অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰেজ

ঠিক ১৭ বছৰ আগতে ১৮ বছৰীয়া ৰাফেল নাদালে বাৰ্চিলোনা অ’পেন খিতাপ জয় কৰি প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ত প্ৰৱেশ কৰি টেনিছ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ দেশ স্পেইনৰ কাৰ্লোছ আলকাৰেজে দেওবাৰে ইয়াত তেওঁৰ আদৰ্শ খেলুৱৈৰ পদাংক অনুসৰণ কৰি ইতিহাসৰ পুনৰাবৃত্তি কৰিছে। তেওঁ ১৮ বছৰ বয়সত বাৰ্চিলোনা অ’পেন খিতাপ দখল কৰি

বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ত প্ৰৱেশ কৰে।ফাইনেলত স্থানীয় পাবলো বুষ্টা কাৰেনোক ৬-৩, ৬-২ ব্যৱধানত পৰাস্ত কৰে। এইটো তেওঁৰ ছিজনৰ তৃতীয় খিতাপ। আলকাৰেজে পিছত কৈছিল, ‘ই মোৰ বাবে বহুত অৰ্থপূৰ্ণ। মই সৰুৰে পৰা এই প্ৰতিযোগিতাখন চাই আছোঁ আৰু মোৰ সপোন আছিল ইয়াত খেলা আৰু খিতাপ জয় কৰা। মই সঁচাকৈয়ে সুখী যে মই স্পেনিছ টেনিছ ইতিহাসৰ অংশ হৈ পৰিছো।’

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *