ৰাজ্যত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী। বুধবাৰে ধুবুৰী জিলাত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় এজন চৰকাৰী বিষয়া।
বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই ধুবুৰী বন সংমণ্ডলৰ সপতগ্ৰাম কাৰ্যালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ঘোচখোৰ বিষয়াজনক।
ধৃত বিষয়াজনৰ পৰিচয় বাবলু দে বুলি জানিব পৰা গৈছে। সপতগ্ৰাম কাৰ্যালয়ত এ এফ এছ, ৰেঞ্জ অফিচাৰ হিচাপে কৰ্তব্যৰত আছিল বাবলু দে।
অভিযোগকাৰীক তেওঁৰ আইনী বালি মহল চলোৱাত অশান্তি নিদিয়াৰ বাবে উৎকোচ গ্ৰহণ কৰাৰ লগে লগে দেক গ্ৰেপ্তাৰ কৰা হয় বুলি ভিজিলেন্স চেলে দাবী কৰে। অধিক তদন্ত অব্যাহত আছে।