বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা প্ৰদান বিধায়ক সুশান্ত বৰগোহাঁই আৰু মানৱ ডেকাৰ

গুৱাহাটীঃ ৰাজ্যত অব্যাহত থকা বানৰ সংহাৰৰ মাজতে আৰ্তসকলৰ সহায়ৰ বাবে দুগৰাকী শাসকীয় বিধায়কে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়াইছে। সুশান্ত বৰগোহাঁই আৰু মানৱ ডেকাই বান সাহায্যৰ বাবে তেওঁলোকৰ দৰমহাৰ অৱদান আগবঢ়াইছে।

টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰি লিখিছে, “আমাৰ মাননীয় বিধায়ক- সুশান্ত বৰগোহাই আৰু মানৱ ডেকাৰ এই কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁলোকে আমাৰ বান সাহায্য ব্যৱস্থাত সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ তেওঁলোকৰ এমাহৰ দৰমহা আগবঢ়াইছে।”

আটাইতকৈ শেহতীয়া প্ৰতিবেদনত ৰাজ্যখনৰ বানপানীৰ বিধ্বংসী প্ৰভাৱৰ বিৱৰণ প্ৰকাশ কৰা হৈছে, যাৰ ফলত ৫ জন লোকৰ মৃত্যু হৈছে আৰু ডেৰ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বৰপেটা, বজালী আৰু লখিমপুৰ জিলাত।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *