ভাৰতৰ ব্যক্তিগত সাধাৰণ বীমাকৰ্তা প্ৰতিষ্ঠান বাজাজ এলিয়ানজ জেনেৰেল ইঞ্চুৰেন্সে বঙাইগাঁৱত উদ্বোধন কৰিছে এটা নতুন কাৰ্যালয়। এই কৌশলগত সম্প্ৰসাৰণৰ লক্ষ্য হৈছে ভাৰতৰ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহত বীমাৰ প্ৰৱেশ বৃদ্ধি কৰা, যিয়ে দেশত বীমাখণ্ডত প্ৰৱেশ বৃদ্ধি কৰা আৰু সাধাৰণ লোকসকলক বিত্তীয় স্থিৰতা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
আধুনিক প্ৰযুক্তিৰ দ্বাৰা সমৰ্থিত বিস্তৃত সেৱা আগবঢ়াই বাজাজ এলিয়ানজে নিজৰ উদ্ভাৱনীমূলক সামগ্ৰী আৰু সমাধানসমূহ বঙাইগাঁৱৰ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্য লৈছে। এই নতুন কাৰ্যালয়টোৱে বাজাজ এলিয়ানজ জেনেৰেল ইঞ্চুৰেন্সৰ বাবে কৌশলগত কেন্দ্ৰ হিচাপে কাম কৰিব। লগতে নিজৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ গ্ৰাহকসকলৰ অধিক কাষ চাপিব। এই কাৰ্যালয়টোৱে সকলো ব্যৱসায়িক লাইনৰ সামগ্ৰী আগবঢ়োৱাৰ উপৰিও গ্ৰাহকসকলক প্ৰয়োজন অনুসৰি সৰ্বোত্তম সামগ্ৰীৰ বিষয়ে সজাগ কৰিব।
বাজাজ এলিয়ানজে দক্ষ বিতৰণ মাধ্যমৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তলৈ নিজৰ সামগ্ৰী আৰু সেৱাসমূহ সম্প্ৰসাৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই বিষয়ে বাজাজ এলিয়ানজ জেনেৰেল ইঞ্চুৰেন্সৰ জিঅ’ ডিষ্ট্ৰিবিউচনৰ মুৰব্বী ৰোহিত জৈনে কয় যে, ‘বঙাইগাঁৱত নতুন কাৰ্যালয় মুকলি হোৱাৰ লগে লগে বীমা সজাগতা আৰু উপলব্ধতাৰ ব্যৱধান কমোৱাৰ ক্ষেত্ৰত এখোজ ওচৰ চাপিব আৰু সমগ্ৰ দেশৰ প্ৰতিটো পৰিয়ালৰ কাষত উপনীত হোৱাত সহায় কৰিব আৰু প্ৰতিটো বীমাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব।”