বাইক চুৰিৰ অভিযোগত যুৱকক গণপ্ৰহাৰ! কাছাৰত ৫ জনক গ্ৰেপ্তাৰ

কাছাৰ জিলাৰ কাটিগড়া সমষ্টিত মৰেল পুলিচিঙৰ অভিযোগত ৫ জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ।

আৰক্ষীৰ মতে, ২৯ জানুৱাৰীত মোহনপুৰত স্থানীয় লোকে বাইক চোৰৰ অভিযোগত এজন ব্যক্তিক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগত লোক কেইজনক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে বাইকখনৰ গৰাকীৰ অভিযোগৰ ভিত্তিত আটক কৰা হৈছে সন্দেহযুক্ত বাইক চোৰজনকো।

উল্লেখ্য যে, দেওবাৰে বদৰপুৰৰ পৰা বাইকখন চুৰি হোৱাৰ পিছতে গাড়ীখনৰ মালিকে বদৰপুৰ থানাত আৰক্ষীক খবৰ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *