বহিঃৰাজ্যত ৰে’লৰ শৌচাগৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অসমৰ বেংকাৰৰ…

কৰ্ণাটকৰ এখন ৰে’লৰ ভিতৰত থকা তলাবন্ধ শৌচাগাৰৰ পৰা উদ্ধাৰ হৈছে অসমৰ এজন বেংকাৰৰ মৃতদেহ।

কৰ্ণাটকৰ শিৱমোগ্গাত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত কাম কৰি থকা শিলচৰৰ অশোক ৰয় চৌধুৰী (৩৩) বুলি জানিব পৰা গৈছে।

শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে য়েশ্বন্তপুৰ-শিৱামোগা (শ্বিমোগা) ইন্টাৰচিটি এক্সপ্ৰেছ ৰে’লৰ ভিতৰত থকা তলাবন্ধ শৌচাগাৰৰ পৰা চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

নিয়মীয়া কৰ্তব্যৰ সময়ত চাফাই কৰ্মীসকলে জানিব পাৰিছে যে বিয়লি ৩:৩০ বজাত শ্বিমোগাৰ পৰা যাবলৈ নিৰ্ধাৰিত ৰে’লখনৰ এটা শৌচাগাৰ ভিতৰৰ পৰা বন্ধ হৈ আছে। ইয়াৰ পাছতে ৰে’লৱেৰ কৰ্মচাৰীয়ে শৌচাগাৰৰ দুৱাৰ ভাঙি খুলি দিয়ে আৰু তাতেই চৌধুৰীৰ মৃতদেহ উদ্ধাৰ হয়।

খবৰ অনুসৰি, শনিবাৰে সন্ধিয়াৰ পৰা অশোকৰ সৈতে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব নোৱাৰাৰ বাবে কলচৰৰ পৰা কলকাতা হৈ য়েশৱন্তপুৰ ষ্টেচনত উপস্থিত হৈ অশোকৰ বাবে অপেক্ষা কৰি থকা চৌধুৰীৰ পত্নী অনুষ্কা ৰয় চৌধুৰীয়ে যশৱন্তপুৰ ৰে’লৱে আৰক্ষীত এফআইআৰ দাখিল কৰিছিল।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে চৌধুৰীৰ মৃত্যুৰ কাৰণ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছে।

ইফালে, সূত্ৰই জনোৱা মতে, অশোকৰ পৰিয়ালে এই কথাটোক হৃদযন্ত্ৰ বন্ধ হোৱাৰ গোচৰ বুলি এতিয়াও মানি লোৱা নাই আৰু তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *