বহিঃৰাজ্যত পুনৰ উদ্ধাৰ অসমীয়া যুৱকৰ মৃতদেহ…

পুনৰ বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ।

অন্ধ্ৰ প্ৰদেশত কৰ্মৰ সন্ধানত যোৱা অসমীয়া যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

অন্ধ্ৰপ্ৰদেশৰ গোদাবাৰীত উদ্ধাৰ হৈছে বিশ্বনাথৰ মোনাবাৰীৰ ডেকাপথাৰৰ যুৱক কুমাৰ লামাৰ মৃতদেহ।

জানিব পৰা মতে, চেন্নাইৰ এখন হোটেলত কৰ্মৰত আছিল যুৱকজন।

কিছুদিন পূৰ্বে ঘৰলৈ উভতি আহি পুনৰ ২১ মে’ত বিশ্বনাথ চাৰিআলি ষ্টেচনৰ পৰা তেওঁ কৰ্মস্থলীলৈ বুলি ৰে’লত উঠিছিল।

কিন্তু ইয়াৰ পিছতে যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰিছে পৰিয়াল।

যুৱকজনৰ শৰীৰত আঘাতৰ চিন পৰিলক্ষিত কৰি কুমাৰ লামাৰ হত্যাৰ সন্দেহ কৰিছে পৰিয়ালে।

মৃতদেহটো ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে যুৱকজনৰ পৰিয়ালে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *