বন ক্ষেত্ৰকৰ্মীৰ একাগ্ৰতাই অসমৰ গঁড় সংৰক্ষণত সফলতাৰ অধ্যায় ৰচিছে: বনমন্ত্ৰী পাটোৱাৰী

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্রেক্ষাগৃহত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে প্রথম এছিয়ান ৰেঞ্জাৰ ফ’ৰাম-২০২৩ অনুষ্ঠিত কৰা হৈছে। এই সম্মিলনত ২০খন দেশৰ ৩৫ গৰাকী মহিলাসহ ১৪৬গৰাকী প্রতিনিধিয়ে অংশগ্রহণ কৰিছে। ইয়াৰে ৮৯গৰাকী অংশগ্রহণকাৰী সক্রিয় ৰেঞ্জাৰ।

বিভিন্ন বেচৰকাৰী সংস্থাৰ সহযোগত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক, ইণ্টাৰনেচনেল ৰেঞ্জাৰ ফেডাৰেশ্যন (আই আৰ এফ), দ্য ৰেঞ্জাৰ ফেডাৰেশ্যন অব্ এছিয়া (আৰ এফ এ) আৰু ইউনিভার্ছেল ৰেঞ্জাৰ ছাপ’ৰ্ট এলায়েন্স (ইউ আৰ এছ এ) য়ে আয়োজন কৰা এই আন্তৰাষ্ট্ৰীয় সম্মিলনৰ আজি উদ্বোধন কৰি অসমৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যখনৰ মূল্যবান বন্যপ্ৰাণী আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে বনকৰ্মী সকলে কৰা ত্যাগ আৰু কষ্টৰ ভূয়সী প্ৰশংসা কৰে।

পাটোৱাৰীয়ে কয়, “আমাৰ গঁড় আৰু অন্যান্য বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ বাবে আমাৰ ৰেঞ্জাৰ, বনৰক্ষী আৰু বিষয়াসকলে নিজৰ জীৱনৰ প্ৰতি অহা চৰম বিপদকো নেওচি বিভিন্ন বাধা অতিক্ৰম কৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে। কঠিন পৰিস্থিতিত আগবঢ়োৱা এনে প্রশংসনীয় সেৱাৰ বাবে তেওঁলোকৰ শলাগ ল’ব লাগিব।”

অসমৰ চহকী জৈৱ-বৈচিত্র্যৰ বিষয়ে উল্লেখ কৰি বনমন্ত্ৰীজনে কয় যে স্থানীয় লোকৰ সহযোগত বনকৰ্মী সকলে যোৱা কেইবাটাও বছৰ ধৰি চোৰাং চিকাৰ সম্পূর্ণরূপে ৰোধ কৰি এটা খড়গযুক্ত গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমত সফলতাৰ এক নতুন অধ্যায় সূচনা কৰিবলৈ সক্ষম হৈছে ।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি মহাৰাষ্ট্ৰ চৰকাৰৰ বন, সাংস্কৃতিক পৰিক্ৰমা আৰু মীনমন্ত্রী সুধীৰ মূনগণ্টিৱাৰে ভাষণ প্রসংগত কয় যে বন আৰু প্ৰকৃতি সুৰক্ষা কৰাটো ভগৱানক উপাসনা কৰাৰ নিচিনা।

ৰেঞ্জাৰ সকলক এছিয়াৰ প্ৰাকৃতিক ঐতিহ্যৰ প্ৰকৃত ৰক্ষক বুলি অভিহিত কৰি মন্ত্ৰী জনে কয় যে সকলোৰে সম্মিলিত প্রচেষ্টা অবিহনে পৃথৱীৰ কোনো প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয় ৰোধ কৰিব নোৱাৰে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *