বন্ধুৰ ফ্লেটত পাৰ্টী কৰিবলৈ গৈ গুলীবিদ্ধ হৈ মৃত্যু ২৩ বৰ্ষীয় যুৱতীৰ, তীব্ৰ চাঞ্চল্য

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ বি.বি.ডি বিশ্ববিদ্যালয়ৰ বি.কমৰ নিষ্ঠা ত্ৰিপাঠী নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীক বন্ধুৰ ফ্লেটত গুলীয়াই হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, বন্ধু আদিত্য পাঠকে ফোন কৰাৰ বাবেই লক্ষ্ণৌৰ চিনহাট লোকেলিটিৰ দয়াল ৰেচিডেন্সীলৈ গৈছিল যুৱতীগৰাকী। আৰক্ষীৰ মতে, অপৰাধ সংঘটিত হোৱা এপাৰ্টমেণ্টটোত নিশা পাৰ্টি অনুষ্ঠিত হয়।

আৰক্ষীয়ে জনোৱা মতে, ফ্লেটটোৰ পৰা সুৰাৰ বটলও উদ্ধাৰ কৰিছে। আকস্মিকভাৱে গুলীচালনাৰ গোচৰ আছিল নে ষড়যন্ত্ৰৰ অংশ হিচাপে গুলীচালনা কৰা হৈছিল সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

বাতৰি অনুসৰি, নিশাৰ পাৰ্টিৰ অংশ আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীও আছিল। নিষ্ঠা ত্ৰিপাঠী গুলীবিদ্ধ হোৱাৰ পিছত ততাতৈয়াকৈ লোহিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে চিকিৎসালয়ে মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে জনোৱা মতে, গোচৰটোৰ মূল অভিযুক্ত আদিত্য পাঠকক জিম্মাত লোৱা হৈছে আৰু এই বিষয়ত ৩০২ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। পাৰ্টিত উপস্থিত থকা আন লোকসকলকো জেৰা কৰি থকা বুলিও কয় আৰক্ষীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *