ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা বেংক প্ৰতিষ্ঠান বন্ধন বেংকে আজি ৮ বছৰতকৈও কম সময়ৰ ভিতৰতে বেংকটোৰ শাখাৰ উপস্থিতি তিনিগুণ বৃদ্ধিৰ এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান বন্ধন বেংকৰ মুঠ ১,৫০০ৰো অধিক শাখা আছে। ইতিমধ্যে বেংকটোৰ হাতত থকা আন ৪,৫০০টা বেংকিং ইউনিটৰ নেটৱৰ্কৰ সৈতে এতিয়া সমগ্ৰ দেশতে মুঠ বেংকিং আউটলেটৰ সংখ্যা ৬,০০০ৰো অধিক লৈ বৃদ্ধি পাইছে । মন কৰিবলগীয়া যে, ২০১৫ চনৰ ২৩ আগষ্টৰ পৰা বন্ধন বেংকে ৫০১টা শাখাৰে যাত্ৰা আৰম্ভ কৰিছিল। বৰ্তমান ভাৰতৰ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তাৰিত হৈ আছে ৬,০০০ৰো অধিক বেংকিং আউটলেট। এই শক্তিশালী নেটৱৰ্কৰ জৰিয়তে বেংকটোৱে ৩ কোটিতকৈ অধিক গ্ৰাহকক বেংক সেৱা আগবঢ়ায়।
তেওঁলোকে প্ৰতিজন ভাৰতীয়ৰ বিভিন্ন আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। গ্ৰাহকে যি স্থানতে বাস নকৰক কিয়, গ্ৰাহকসকলৰ যিকোনো বিত্তীয় সেৱাৰে প্ৰয়োজন নহওঁক কিয় নতুবা বেংকিং চেনেল-ফিজিকেল বা ডিজিটেল যিটোৱে পচন্দৰ সেইটোৱে গ্ৰহণ কৰিব পাৰে। এই বিষয়ে বন্ধন বেংকৰ এমডি তথা চিইঅ’ চন্দ্ৰ শেখৰ ঘোষে কয় যে, "বন্ধন বেংকৰ বাবে আজি এক উৎসাহজনক মাইলৰ খুঁটি। বিগত আঠ বছৰত বেংকৰ দ্ৰুত বৃদ্ধিৰ আঁৰত দেশৰ প্ৰতিটো কোণতে গ্ৰাহকসকলে আমাৰ ওপৰত ৰখা আস্থা আৰু আত্মবিশ্বাসৰ ফল এয়া।" আমাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা শাখা নেটৱৰ্ক আৰু ডিজিটেল অফাৰৰ সৈতে বন্ধন বেংকে আমাৰ মূল্যৱান গ্ৰাহকসকলৰ বাবে সুবিধা, সুৰক্ষা আৰু সুলভ উপলব্ধতা আৰু অধিক বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”
বেংকে নিজৰ সম্পদৰ এছেট বুক আৰু ভৌগোলিক উপস্থিতিৰ বিবিধ যাত্ৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। বেংকে গ্ৰাম্য আৰু নগৰীয়া বজাৰৰ এক সম মিশ্ৰণেৰে পূৰ্বাঞ্চল আৰু উত্তৰ-পূব ভাৰতৰ বাহিৰতো নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰি যাব। ক্ৰমান্বয়ে বেংকটোৱে সুৰক্ষিত ঋণৰ অংশ বৃদ্ধি কৰি আছে। বেংকে আকৰ্ষণীয় সূতৰ হাৰত গৃহ ঋণ, ব্যক্তিগত ঋণ, অটো লোন আৰু ২ চকীয়া বাহনৰ বাবে ঋণৰ দৰে বিভিন্ন খুচুৰা ঋণো আগবঢ়ায়। বেংকটোৱে শেহতীয়াকৈ গ্ৰাহকৰ সুবিধাৰ বাবে নিঅ’ প্লাছ ডিজিটেল চেভিংছ বেংক একাউণ্ট নামৰ এটা সম্পূৰ্ণ ডিজিটেল সঞ্চয় বেংক একাউণ্ট আৰম্ভ কৰিছে।