বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২৩ৰ দ্বিতীয় ত্ৰিমাসিকত শক্তিশালী ব্যৱসায় বৃদ্ধি পঞ্জীয়ন

বন্ধন বেংকে ২০২২-২৩ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকৰ বাবে তেওঁলোকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। বেংকে শক্তিশালী ব্যৱসায় বৃদ্ধি অব্যাহত ৰাখিছে, কিয়নো পৰিচালনাৰ পৰিৱেশ অধিক অনুকূল হৈ পৰাৰ লগে লগে বেংকটোৱে ব্যৱসায়ৰ শক্তিশালী বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। এই বেংকে ২০২২ৰ ৩০ ছেপ্টেম্বৰত ২.৭৭ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আছে আৰু বিগত বিত্তীয় বৰ্ষৰ তুলনাত তেওঁলোকৰ লোন বুকৰ বিকাশ ২১ শতাংশ বৃদ্ধিৰে ৯৫,৮৩৫ কোটি টকা হৈছে। একেদৰে জমা ধনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ তুলনাত ২১শতাংশ বৃদ্ধিৰে ৯৯,৩৬৫ কোটি টকা হৈছে। আনহাতে, বিগত বৰ্ষৰ তুলনাত CASA-এ ১১ শতাংশ বিকাশ, CASA Ratio ৪০.৮ শতাংশ বিকাশ আৰু Share of Retailৰ মুঠ ডিপজিত ৭৪ শতাংশ বৃদ্ধি হৈছে।

বেংকৰ মুঠ ব্যৱসায় বাৰ্ষিক ১৯.৫% বৃদ্ধিৰে ৩০ ছেপ্টেম্বৰ, ২০২২ তাৰিখলৈ প্ৰায় ১,৯৫,২০০ কোটি টকাত উপনীত হৈছে। বেংকে ভাৰতৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪ খনতেই ৫৬৪৬ টা বেংকিং আউটলেট আৰু শাখাৰ জৰিয়তে ২.৭৭ কোটি গ্ৰাহকক সেৱা আগবঢ়ায়।

এই বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৬৪,০০০জন। মূলধন পৰ্যাপ্ততা অনুপাত হৈছে ১৯.৪%। বন্ধন বেংকে এই বিত্তীয় বৰ্ষত সমগ্ৰ ভাৰতত ৫৫০ তকৈও অধিক নতুন শাখা খোলাৰ পৰিকল্পনা কৰিছে। বেংকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, ‘আমি সমগ্ৰ দেশৰ ভাৰতীয়সকলৰ বেংকিং প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু আমি কোটি কোটি ভাৰতীয়ৰ বিশ্বাস অৰ্জন কৰি সৌভাগ্যৱান হৈছো আৰু তেওঁলোকৰ সেৱা অব্যাহত ৰাখিম।’

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *