বনকৰা কিশোৰীৰ ওপৰত নিৰ্যাতন চলাই পলাতক নিলম্বিত মহিলা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বাহৰ পাতিছে গুৱাহাটীত…

বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত নিলম্বিত চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) শুভলক্ষ্মী দত্তই এতিয়া বাহৰ পাতিছে গুৱাহাটীত। ঘটনাৰ পিছতে পলাতক হৈ থকা মহিলা আৰক্ষী বিষয়াগৰাকীক গুৱাহাটীত মুক্তভাৱে ঘূৰি ফুৰাৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, ২৬ আগষ্টত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ ঘৰৰ অনিমা প্ৰজা নামৰ বনকৰা কিশোৰীগৰাকীৰ ওপৰত শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছিল।

ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযোগ দাখিল কৰা মতে, শুভলক্ষ্মী দত্তই তেওঁৰ ওপৰত গৰম পানী ঢালি বাথৰুমৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল।

এই সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে পদৰ পৰা নিলম্বন কৰা হয় শুভলক্ষ্মী দত্তক। তেতিয়াৰ পৰাই পলাতক হৈ আছে মহিলা আৰক্ষী বিষয়াগৰাকী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *