বজালীৰ বাসগৃহত এগৰাকী মহিলাই চোকা অস্ত্ৰৰে নিজৰ স্বামীক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, নিশা পাৰিবাৰিক সংঘাতৰ পিছতে পত্নীয়ে নিৰঞ্জন বৰা নামৰ স্বামীক দাৰে ঘপিয়াই হত্যা কৰে।
এই অপৰাধ সংঘটিত কৰাৰ পিছত আজি পুৱা ছয় বছৰীয়া কন্যাৰ সৈতে জুনিতা বৰা নামৰ অভিযুক্তগৰাকীয়ে ভৱানীপুৰ থানালৈ গৈ আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ দাখিল কৰি অপৰাধস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
জানিব পৰা মতে, গোলাঘাটৰ নিৱাসী নিৰঞ্জন বৰাই বিবাহৰ পিছৰে পৰা বিগত দহ বছৰ ধৰি বজালীৰ শহুৰেকৰ ঘৰত বাস কৰিছিল।
এই ঘটনাই গাঁওখনত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে।