ফ্লেগশ্বিপ ছেল ইভেণ্ট ১০.১০ৰ সৈতে ফেষ্টিভ ছিজনক স্মৰণীয় কৰি তুলিবলৈ সাজু হৈছে টাটা চিএলআইকিউ, টাটা চিএলআইকিউ লাক্সাৰী আৰু টাটা চিএলআইকিউ পেলেটে

টাটা গ্ৰুপৰ ফ্লেগশ্বিপ ই-কমাৰ্চ প্ৰয়াস- টাটা চিএলআইকিউ, টাটা চিএলআইকিউ লাক্সাৰী, আৰু টাটা চিএলআইকিউ পেলেটে ৬ অক্টোবৰৰ পৰা আৰম্ভ হোৱা বাৰ্ষিক আৰু বহু প্ৰতীক্ষিত ১০.১০ ছেলৰ আয়োজন কৰিছে। এই বিক্ৰীত বিভিন্ন কেটেগৰীত আকৰ্ষণীয় অফাৰ থাকিব, যেনে- পোছাক, সৌন্দৰ্য, আনুষংগিক সামগ্ৰী, জোতা, গহণা, ঘড়ী, আৰু বহুতো। যাৰ জৰিয়তে গ্ৰাহকসকলে এই ফেষ্টিভ ছিজনত আগশাৰীৰ ব্ৰেণ্ডৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰে।

ভাৰতৰ অগ্ৰণী ই-কমাৰ্চ প্লেটফৰ্ম টাটা চিএলআইকিউৱে গ্ৰাহকক ১০/১০ ছেল আগবঢ়াইছে, যাৰ লক্ষ্য হৈছে নিজৰ ফেশ্বন ক্ষেত্ৰত নিখুঁত ১০ স্ক’ৰ কৰা। গ্ৰাহকসকলে প্ৰিয় ব্ৰেণ্ডত ৮৫% পৰ্যন্ত ৰেহাই উপভোগ কৰিব পাৰে, বিনামূলীয়া শ্বিপিং, কুপন, আৰু বেংক অফাৰৰ দৰে অতিৰিক্ত সুবিধাও লাভ কৰিব। এই বিক্ৰীত পোছাক আৰু জোতাৰ দৰে আগশাৰীৰ শিতানসমূহ সামৰি লোৱা হ’ব, য’ত জেক এণ্ড জ’নছ, লিভাই’ছ, স্পাইকাৰ আৰু ইউ.এছ ব্ৰেণ্ডত ৩০-৮০% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব।

আনহাতে জোতাত ৭০% পৰ্যন্ত ৰেহাই পাব গ্ৰাহকসকলে। মহিলাৰ কাপোৰৰ ব্ৰেণ্ডতো ৭০% পৰ্যন্ত ৰেহাই লাভ কৰিব। আনহাতে কেচিঅ’, ফ’চিল আৰু টাইটানৰ দৰে ব্ৰেণ্ডৰ ঘড়ীতো অফাৰ উপলব্ধ। এই বিষয়ে টাটা চিএলআইকিউৰ মুখ্য কাৰ্যবাহী বিষয়া গোপাল আস্থানাই কয় যে, “আমি এক আকৰ্ষণীয় ফেষ্টিভ ছিজনৰ বাবে অপেক্ষা কৰি আছোঁ, কিয়নো আমি আমাৰ গ্ৰাহকসকলক বিশেষভাৱে সজাই তোলা অফাৰ আৰু এক উন্নত বজাৰৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু আছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *