ফোন কৰি এনেকৈ কৰা হৈছিল প্ৰৱঞ্চনাৰ চেষ্টা, যুৱতীৰ বুদ্ধিমত্তাই কৰিলে বিফল…

দেশত বাঢ়িছে অনলাইন জালিয়াতিৰ গোচৰ। এটা মাত্ৰ ভুৱা ফোন কলে নিমিষতে খালী কৰিব পাৰে গ্ৰাহকৰ বেংক একাউণ্ট। ইতিমধ্যেই অনলাইন প্ৰৱঞ্চকৰ বলি হৈ সৰ্বস্ৰান্ত হৈছে বহু লোক। কিন্তু এইবাৰ প্ৰৱঞ্চনাৰ বলি নহয়, বৰং নিজৰ বুদ্ধিমত্তাৰে প্ৰৱঞ্চকৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হ’ল মুম্বাইৰ এগৰাকী যুৱতীয়ে। তাৰ পিছতে সামাজিক মাধ্যমত নিজৰ এই ভয়ংকৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি ইউপিআই ভুৱা কলৰ পৰা আনকো সাৱধান হ’বলৈ সকিয়াই দিয়ে যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীয়ে লিখিছে, “অ’ মাই গড, শেহতীয়াকৈ এজনে মোক ইউপিআইৰ জৰিয়তে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰিছিল।” তেওঁ কয় যে এজন ব্যক্তিয়ে তেওঁক ফোন কৰি কয় যে তেওঁৰ পিতৃয়ে ব্যক্তিজনক তেওঁৰ নম্বৰটো আছিল। ব্যক্তিজনে কয় যে যুৱতীগৰাকীৰ পিতৃক তেওঁ এল আই চি পলিচীৰ বাবে ৫ হাজাৰ টকা দিব লাগে। কিন্তু যিহেতু যুৱতীগৰাকীৰ পিতৃয়ে ভাৰ্চুৱেল পেমেণ্ট মোড ব্যৱহাৰ নকৰে, সেয়েহে ইউ পি আইযোগে যুৱতীগৰাকীকে সেই টকাখিনি দিব বিচৰা বুলি মন্তব্য কৰে ফোনৰ সিটোপাৰে থকা ব্যক্তিজনে।

ইয়াৰ পিছত সেই ব্যক্তিজনক বিশ্বাস কৰি সহায় কৰিবলৈ মান্তি হয় যুৱতীগৰাকী। কিছুসময় সময় পিছত ফোনকৰ্তাই যুৱতীগৰাকীক পেমেণ্ট লাভ কৰাটো নিশ্চিত কৰিবলৈ দি কয় যে তেওঁ ভুলতে ৫ হাজাৰৰ ঠাইত ৫০ হাজাৰ টকা প্ৰেৰণ কৰিছে। যাৰ বাবে বাকী ৪৫ হাজাৰ টকা যুৱতীগৰাকীৰ পৰা ঘূৰাই বিচাৰে। কিন্তু এই কথা শুনি যুৱতীগৰাকীৰ সন্দেহ হোৱাত গুগল পে’ খুলি বেলেন্স পৰীক্ষা কৰাত দেখে যে পেমেণ্ট লাভৰ নটিফিকেশ্যন লাভ কৰিছে ঠিকেই, কিন্তু একাউণ্টত তেওঁৰ এটকাও সোমোৱা নাই।

ইয়াৰ পিছতে ফোনকৰ্তাৰ চলনা বুজিব পাৰি যুৱতীগৰাকীয়ে দেউতাক অহালৈ ব্যক্তিজনক অপেক্ষা কৰিবলৈ কয়। তেওঁ কয়, “মই এই ইছ্যুটো সমাধানৰ বাবে আপোনাক দেউতাৰ নম্বৰৰ পৰা ফোন কৰিম, দেউতা অহালৈ অপেক্ষা কৰক।” কিন্তু ফোনকৰ্তাই আৰু অপেক্ষা নকৰিলে। যুৱতীগৰাকীৰ ফান্দত পেলাব নোৱাৰো বুলি বুজিব পাৰি একপ্ৰকাৰ সন্ধানহীন হৈ পৰে প্ৰৱঞ্চক ফোনকৰ্তা। আৰু এইদৰেই নিজৰ বুদ্ধিমত্তাৰে বেংকৰ জমাধন হেৰুওৱাৰ পৰা ৰক্ষা পৰে যুৱতীগৰাকীও

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *