ফুটবল ক্লাব চেলচি ক্ৰয় কৰাৰ দৌৰত ছেৰেনা-লুই হেমিল্টন

 কিংবদন্তী টেনিছ তাৰকা তথা ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু সাতবাৰৰ ফৰ্মুলা ৱান চেম্পিয়ন লুই হেমিল্টনেও বিখ্যাত ফুটবল ক্লাব চেলচি ক্ৰয় কৰাৰ দৌৰত যোগদান কৰিছে। আৰ্চেনেলৰ এজন প্ৰশংসক হেমিল্টনে লণ্ডনত তেওঁৰ প্ৰতিদ্বন্দী ক্লাবত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। চেলচিৰ বৰ্তমানৰ গৰাকী ৰাছিয়াৰ ৰোমান আব্ৰামোভিচৰ পৰা প্ৰিমিয়াৰ লীগ ক্লাবটো ক্ৰয় কৰিবলৈ তিনিজন নিবিদাকাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। হেমিল্টন আৰু চেৰেনা এটা গোটৰ অংশ, যি চেলচিক ক্ৰয় কৰিবলৈ বিড কৰি আছে। বৰ্তমানৰ বিশ্ব আৰু ইউৰোপীয় চেম্পিয়ন চেলচিৰ মূল্য তিনি বিলিয়ন পাউণ্ড (প্ৰায় ৪ বিলিয়ন ডলাৰ) হ’ব পাৰে, যি বিশ্ব গেমছত এক নতুন অভিলেখ হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *