ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। তাৰ বাবেই তামিলনাডুত কমেও ৮জন লোকৰ মৃত্যু হয়। আঘাতপ্ৰাপ্তৰ সংখ্যাও কম নহয়। আৰক্ষীৰ মতে, আহত ১২ জনৰ অৱস্থা সংকটজনক। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দক্ষিণৰ ৰাজ্যখনৰ কৃষ্ণগিৰি অঞ্চলৰ এটা ফটকা নিৰ্মান কৰা কাৰখানাত শনিবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ তীব্ৰতাৰ বাবে সমীপৱৰ্তী কেইবাখনো হোটেল আৰু আৱাসিক ঘৰৰ বৃহৎ ক্ষতিসাধন হৈছে। ভাঙি পৰা অট্টালিকাটোত বহু লোক আবদ্ধ হৈ পৰে। আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে।
বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। ভয়ংকৰ বিস্ফোৰণত ধ্বংস হোৱা কাৰখানাৰ ভিতৰত আবদ্ধ হৈ পৰে বহু লোক। তাৰ পৰাই আহতসকলক উদ্ধাৰ কৰা হয়। কাৰখানাটোৰ কাষৰ হোটেলখনো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। তাৰ ভিতৰত বহু মানুহ আবদ্ধ হৈ পৰে। উদ্ধাৰ বাহিনীৰ জোৱান সকলে কেনেবাকৈ ভিতৰৰ পৰা উলিয়াই আনে তেওঁলোকক। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। যদিও থিতাতে কমেও ৮ জন লোকৰ মৃত্যু হয়। আনহাতে, ১২জন লোকৰ অৱস্থা সংকটজনক।
প্ৰশাসনৰ মতে, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। কাৰখানাটোৰ সমীপৰ তিনিটাৰ পৰা চাৰিটা ঘৰো বিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। বাজী কাৰখানাকে ধৰি ওচৰৰ ক্ষতিগ্ৰস্ত অট্টালিকাত এতিয়াও কিছু লোক আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰাৰ মাজতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।