পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল দেওবাৰে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত ২০২৩-২৪ পৰ্যটন বতৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ভোমোৰাগুৰি বিট অফিচত নদী পৰ্যটন, কঁহৰা কনভেনচন চেণ্টাৰৰ পৰা কাজিৰঙা চাইকেল চলোৱা, জীপ ছাফাৰী, মিহিমুখত মহিলা নেতৃত্বাধীন পৰিৱেশ পৰ্যটনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ বাবে মুকলি সভা অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ মে’ মাহত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়াই ২০২২-২৩ বৰ্ষৰ পৰ্যটন বতৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু জীপ ছাফাৰী বন্ধ কৰাৰ নিৰ্দেশ দিছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *