পৰম্পৰাগত ম’হ যুঁজত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

ৰাজ্যত পৰম্পৰাগতভাৱে চলি অহা ম’হ যুঁজৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

বেচৰকাৰী পশু কল্যাণ সংস্থাই দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিষেধাজ্ঞা আৰোপ কৰিছে ন্যায়ালয়ে।

উল্লেখ্য যে, সুদীৰ্ঘ ৯ বছৰৰ পিছত ৰাজ্যত অনুমতি প্ৰদান কৰা হৈছিল পৰম্পৰাগত ম’হযুঁজৰ।

ইফালে এতিয়া এই পৰম্পৰাগত প্ৰথাৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰি বিষয়টো সন্দৰ্ভত অসম চৰকাৰক এক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন আদালতত দাখিল কৰিবলৈও নিৰ্দেশ দিছে ন্যায়ালয়ে।

তদুপৰি আদালতে ৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *