প্ৰেমিকৰ সৈতে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ, গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ জাগীৰোডত নিজ স্বামীক নৃংশসভাৱে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী মহিলাৰ লগতে তেওঁৰ কথিত প্ৰেমিকক।

তথ্য অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ কথিত প্ৰেমিকে মহিলাগৰাকীৰ স্বামী আছাদুৰ ৰহমানক প্ৰথমে নিচাজাতীয় সামগ্ৰী খুৱাই অচেতন কৰি তাৰ পিছত নৃশংসভাৱে হত্যা কৰে। পিছত দুয়োজনে মৃতদেহটো যোৰাবাটৰ শিলভাঙাত এখন গাড়ীৰ ভিতৰত থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাই ফিৰোজা খাতুন আৰু তেওঁৰ কথিত প্ৰেমিক ছফিকুল ইছলামে মৃতদেহটো ঘাইপথৰ কাষত গাড়ীৰ ভিতৰত ৰাখিছিল।

সূত্ৰই জনোৱা মতে, পৰিত্যক্ত বাহনখনৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উদ্ধাৰ কৰে।

ইয়াৰ উপৰিও আৰক্ষীয়ে অতিৰিক্তভাৱে ছফিকুল ৰহমানৰ ৰণ্টু বৰদলৈ নামৰ চালকজনকো সোধা-পোছাৰ বাবে আটক কৰি ৰাখিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *