প্ৰেমত পৰি ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ, ত্ৰিপুৰাত গ্ৰেপ্তাৰ বাংলাদেশী মহিলা

এবছৰীয়া প্ৰেমৰ পিছত গোপনে বিবাহ সম্পন্ন কৰি পাছপৰ্ট আইন উলংঘা কৰি অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতলৈ অহা এগৰাকী বাংলাদেশী মহিলাক ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা বজেন্দ্ৰ নগৰৰ ৫০ বছৰীয়া সুধাংশু দাসৰ সৈতে বাংলাদেশৰ মৌলবীবজাৰ নিবাসী জলি ৰাণী দাস নামৰ ২৫ বছৰীয়া মহিলাগৰাকীয়ে বিবাহপাশত আবদ্ধ হয়।

বাংলাদেশৰ এটা মন্দিৰত গম্ভীৰ্যপূৰ্ণভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৭ ডিচেম্বৰত দম্পতীহালে লুকাই চুৰকৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে।

দেওবাৰে নিশা মহিলাগৰাকীৰ জাতীয়তা সম্পৰ্কে এক গোপন খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু বি এছ এফৰ জোৱানে বাজেন্দ্ৰনগৰ অঞ্চলত যৌথ অভিযান চলায়।

ইয়াৰ পিছতে মহিলাগৰাকীক স্বামীৰ ঘৰত গ্ৰেপ্তাৰ হয়। সীমান্তত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানক স্লিপ দি সীমান্ত পাৰ হোৱাত সহায় কৰা সুধাংশু দাস আৰু একেটা স্থানৰ সুশীল দাস নামৰ আন এজনৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ।

সূত্ৰই জনোৱা মতে, বিবাহৰ পূৰ্বে দুয়োৰে মাজত প্ৰায় এবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *