পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল (অৱসৰপ্ৰাপ্ত) পাৰভেজ মুশ্বাৰফৰ মৃত্যু।
দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৭৯ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ডুবাইৰ এখন হাস্পতালত মৃত্যুক আঁকোৱালি লয়।
পাকিস্তানৰ আগশাৰীৰ সংবাদ গোষ্ঠী জিঅ’ নিউজে এই তথ্য প্ৰকাশ কৰে।
উল্লেখ্যে যে, তেওঁ ডুবাইৰ এখন চিকিৎসালয়ত অসুস্থতাৰ বাবে বিগত ৯ মাহ ধৰি চিকিৎসাধীন হৈ আছিল মুশ্বাৰফ।
পাকিস্তানৰ প্ৰাক্তন নেতাগৰাকীয়ে ১৯৯৮ চনত জেনেৰেল পদবীলৈ উন্নীত হৈ সেনাবাহিনীৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল।
ইয়াৰ পিছত তেওঁ ২০০১ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৪৩ চনৰ ১১ আগষ্টত জন্ম গ্ৰহণ কৰিছিল মুশ্বাৰফে।