প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বায়ু সেনাৰ বিমান, ২ পাইলটৰ মৃত্যু

প্ৰশিক্ষণৰ সময়তে সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। তেলেংগানাত বায়ুসেনাৰ বিমান দুৰ্ঘটনাৰ ফলত নিহত হয় ২ জন পাইলট। জানিব পৰা মতে মৃতসকলৰ এজন প্ৰশিক্ষক আৰু আনজন কেডেট আছিল। দুৰ্ঘটনাৰ পিছতে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে বায়ুসেনাই।

বায়ুসেনাৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা তেলেংগানাৰ দণ্ডিগাল বায়ুসেনা ঘাটিত প্ৰশিক্ষণ চলি আছিল। প্ৰশিক্ষাৰ্থীগৰাকীয়ে সচৰাচৰৰ দৰে এজন প্ৰশিক্ষকৰ সৈতে পিলাটাছ পিচি ৭ এম কে আই বিমান উৰুৱাইছিল। হঠাৎ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ ভূপতিত হয়। বায়ুসেনাৰ এক বিবৃতি অনুসৰি এই দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। পিছত তেওঁলোকৰ মৃত্যু হয়। প্ৰশিক্ষণ বিমানত কিহৰ বাবে এনে মাৰাত্মক দুৰ্ঘটনা সংঘটিত হ’ল সেই কথা জানিবলৈ আৰম্ভ হৈছে এক তদন্ত।

উল্লেখ্য যে, পিলাটাছ পিচি ৭ এমকে II মূলতঃ একক ইঞ্জিনৰ বিমান। এপ্ৰেণ্টিছ পাইলটসকলে এই বিমানখনৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ গ্ৰহণ কৰে। এই বিমানসমূহ বায়ুসেনাৰ ঘাটিত প্ৰশিক্ষণৰ বাবে নিয়োগ কৰা হয়। হায়দৰাবাদৰ ঘাটিটোতো প্ৰশিক্ষণ চলি আছিল। কিন্তু হঠাৎ দুৰ্ঘটনাত ২ জন পাইলটৰ মৃত্যু যথেষ্ট চিন্তনীয়। দুৰ্ঘটনাৰ কাৰণৰ তদন্তত ক্ষন্তেকীয়া হৈছে বায়ুসেনা।

দুৰ্ঘটনাৰ খবৰ পাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুখ প্ৰকাশ কৰে। তেওঁৰ বক্তব্য, ‘হায়দৰাবাদ এয়াৰ বেছত সংঘটিত হোৱা দুৰ্ঘটনাৰ খবৰ পাই মই গভীৰভাৱে দুখী। দুজন পাইলটৰ মৃত্যু বেদনাদায়ক। তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *