প্ৰথম বাৰৰ বাবে এক নং ৱাৰ্ডত অগপক এক হাজাৰৰো অধিক সংখ্যালঘু ভোটাৰৰ ভোটদান ; বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ধন্যবাদ জ্ঞাপন

পশ্চিম গুৱাহাটী সমষ্টিৰ  গুৱাহাটী পৌৰ নিগমৰ এক নং ৱাৰ্ডৰ  ৰাজনৈতিক ইতিহাসত  প্ৰথম বাৰৰ বাবে   সদ্যসমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত  পূৰ্বৰ নিৰ্বাচনৰ তুলনাত  ৱাৰ্ডটোত  সংখ্যালঘূ সম্প্ৰদায়ৰ   সহস্ৰাধিক ভোটাৰে  মিত্ৰজোঁটৰ  হৈ প্ৰতিদ্বন্দ্বিতা কৰা অগপৰ প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীক ভোটদান কৰি  উৎসাহিত কৰা বাবে পশ্চিম  গুৱাহাটীৰ বিধায়ক আৰু অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই  ধন্যবাদ জ্ঞাপন কৰিছে ।  এটা বিবৃতিত বিধায়ক কলিতাই কয় এক নং ৱাৰ্ডৰ  সংখ্যালঘূ সম্প্ৰদায়ৰ  শতাধিক যুৱকে নিৰ্বাচনকালীন সময়ছোৱাত কঠোৰ পৰিশ্ৰম কৰি মিত্ৰজোটৰ অগপ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবলৈ নিৰলস প্ৰচেষ্টা কৰিছিল ।  অৱশ্যে  নগণ্যসংখ্যক ভোটত  পৰাজিত হলেও  জনতাৰ এই ৰায় আমি মানি লৈ আমাৰ দলৰ প্ৰতি অকুণ্ঠ সমৰ্থন জনোৱা প্ৰতিগৰাকী ভোটাৰক  আন্তৰিক কৃতজ্ঞতা জনাই অদূৰ ভৱিষ্যতে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সমূহ ৰাইজৰ সহায়-সহযোগ তথা আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰিছো । উল্লেখযোগ্য যে ইয়াৰ  বিধানসভা , লোকসভা বা যিকোনো নিৰ্বাচনত এক নং ৱাৰ্ডৰ সংখ্যালঘূ  বসতি প্ৰধান অঞ্চলত পাঁচশৰো অধিক ভোট পোৱাৰ নজীৰ নাছিল । আনকি বিগত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনতো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি সামগ্ৰিকভাৱে বিপুল ভোটৰ ব্যৱধানত বিজয়ী হলেও এক নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত  ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাত্ৰ  ৪০০ টা মান ভোটহে লাভ কৰিছিল । অথচ ইয়াৰ বিপৰীতে পৰাজিত হলেও কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰে এক নং ৱাৰ্ডত সংখ্যালঘু বসতি প্ৰধান অঞ্চলত প্ৰায় পাঁচ হাজাৰ ভোট লাভ কৰিছিল । আনকি ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনটো কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই সম সংখ্যক ভোট লাভ কৰিছিল । ইয়াৰ বিপৰীতে এইবেলি পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে মাত্ৰ ১৮৫ ,টা ভোট । যাৰ বাবে ৰাজনৈতিক সমীক্ষক সকলে  কংগ্ৰেছ দলৰ পৰা টিকট নাপায় পদত্যাগ কৰি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা হুকুম চান আলী বক্সিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ  কংগ্ৰেছৰ কর্মী – সমৰ্থক সকলৰ গৰিষ্ঠ সংখ্যক ভোট লাভ কৰি  বিজয়ী হোৱা বুলি সদৰি কৰিছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *