প্ৰত্যাহাৰ কৰা হ’ল শৰণীয়া কছাৰীৰ অনুসূচিত জাতিৰ প্ৰমানপত্ৰ…

ৰাজ্যৰ কছাৰী জনজাতি হিচাপে ‘শৰণীয়া কছাৰী’ জনগোষ্ঠীক এছটি (পি)ৰ প্ৰমাণ পত্ৰ প্ৰদানৰ সন্দৰ্ভত ২০১৮ চনৰ এটা আদেশ প্ৰত্যাহাৰ কৰিছে অসম চৰকাৰে।

ইয়াৰ পূৰ্বে অসম চৰকাৰে ২০১৮ চনৰ ৫ জুন তাৰিখে এক আদেশ জাৰি কৰিছিল য’ত ডিচি আৰু এছডিঅ’সকলক উপ-জাতি কছাৰী হিচাপে শৰণীয়া কছাৰী জনগোষ্ঠীক ST(P) প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ অনুমতি দিছিল।

কিন্তু ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ সতেজ আদেশত একেটা বিষয়তে শৰনীয়া কছাৰী জনগোষ্ঠীক এছটি (পি) প্ৰমাণ পত্ৰ প্ৰদান প্ৰত্যাহাৰ কৰে।

২০১৮ চনত যেতিয়া চৰকাৰে উক্ত প্ৰমাণ পত্ৰখন শৰণীয়া কছাৰী জনগোষ্ঠীক প্ৰদানৰ নিৰ্দেশ দিয়া হৈছিল, তেতিয়া বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই এই সিদ্ধান্তত তীব্ৰ আপত্তি প্ৰকাশ কৰিছিল।

সাংবিধানিক (অনুসূচিত জনজাতি) আদেশ ১৯৫০ত অধিসূচনা অবিহনে শৰনীয়া কছাৰী জনগোষ্ঠীক ‘কছাৰী’ বুলি এছ টি প্ৰমাণ পত্ৰ প্ৰদান কৰাটো অবৈধ আৰু অসাংবিধানিক বুলি যুক্তি দিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *