প্ৰতি দহ মিনিটত মৃত্যুক সাৱটিছে এটিকৈ শিশুৱে… ইজৰাইলক সমৰ্থন কৰাসকলে লাজ পোৱা উচিতঃ প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই গাজা ষ্ট্ৰিপত ইজৰাইলী সামৰিক বাহিনীৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰে যুদ্ধবিৰতিৰ বাবে আহ্বান জনায়। গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক কাৰ্য্যকলাপক সমৰ্থন কৰা সেই চৰকাৰসমূহকো তেওঁ পৰোক্ষভাৱে আক্ৰমণ কৰে।

সোমবাৰে (১৩ নৱেম্বৰ) প্ৰিয়ংকা গান্ধীয়ে এক্সত পোষ্ট কৰি গাজা ষ্ট্ৰিপৰ শিশুসকলৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ লিখিছে, “কি যে নিন্দনীয় আৰু অপমানজনক কাণ্ড। গাজাত ১০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় আধা শিশু।”

প্ৰিয়ংকাই দাবী কৰিছে যে প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। তেওঁ লিখিছে, “বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি দহ মিনিটৰ মূৰে মূৰে এটা শিশুৰ মৃত্যু হৈছে। এতিয়া সৰু ল’ৰা-ছোৱালীক অক্সিজেনৰ অভাৱৰ বাবে ইনকিউবেটৰৰ পৰা উলিয়াই আনিবলগীয়া হৈছে আৰু মৰিবলৈ এৰি দিয়া হৈছে।”

ইজৰাইলৰ সামৰিক বাহিনীৰ এই কাৰ্যক সমৰ্থন কৰাসকলৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে প্ৰিয়ংকা গান্ধীয়ে। তেওঁ কয়, ”গাজাত এনে পৰিস্থিতিৰ মাজতো এই গণহত্যাৰ সমৰ্থন কৰাসকলৰ বিবেকত কোনো জোকাৰণি নাই। যুদ্ধবিৰতি নাই। মাত্ৰ অধিক বোমা, অধিক হিংসা, অধিক হত্যা আৰু অধিক যন্ত্ৰণা। এই ধ্বংসলীলাক সমৰ্থন কৰা চৰকাৰসমূহে লাজ পাব লাগে। কেতিয়া যথেষ্ট হ’ব?”

গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইনকিউবেটৰত দুটা কেঁচুৱাৰ মৃত্যু হৈছে। শনিবাৰে (১১ নৱেম্বৰ) এই ঘটনাৰ পিছত ইজৰাইল সেনাই কয় যে দেওবাৰে (১২ নৱেম্বৰ) গাজাৰ সৰ্ববৃহৎ চিকিৎসালয় আল শ্বিফাৰ পৰা শিশুক উলিয়াই অনাৰ কাম কৰিব।

আল শ্বিফা চিকিৎসালয়ত হোৱা যুদ্ধৰ মাজতে ইন্ধন শেষ হোৱাৰ ফলত দুটা নৱজাত শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পেলেষ্টাইনৰ বিষয়াসকলে। আন কেইবা ডজনো নৱজাত শিশু বিপদত পৰা বুলিও দাবী কৰা হৈছে। পেলেষ্টাইনৰ বিষয়াসকলৰ মতে, আল শ্বিফা হাস্পতালে ইন্ধন শেষ হোৱাৰ পিছত সেৱা বন্ধ কৰি দিয়ে, যাৰ ফলত ইনকিউবেটৰত দুটা কেঁচুৱাৰ মৃত্যু হয়।

এতিয়ালৈকে দাবী কৰা হৈছে যে গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক বাহিনীৰ কাৰ্যত প্ৰায় ১২ হাজাৰ লোক নিহত হৈছে। ইজৰাইলত হামাছৰ আক্ৰমণৰ পিছত প্ৰায় ১৪০০ লোক নিহত হৈছে। আজি যুদ্ধৰ ৩৮তম দিন।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *