প্ৰতিভাৱান বিহুৱা,পেঁপাবাদক পংকজ ডেকাৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা পৰিয়ালৰ

গুৱাহাটীৰ বহুকেইখন বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰি দৰ্শকক আমোদ দিয়া মঙ্গলদৈৰ  প্ৰতিভাৱান বিহুৱা, পেপাঁ বাদক পংকজ ডেকা সম্প্ৰতি জণ্ডিছ আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হৈ চাৰি মাহ ধৰি ক্ৰমে গুৱাহাটীৰ হেল্থ চিটি আৰু হায়দৰাবাদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত অৰ্থৰ অভাৱত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ অনা হয় । বৰ্তমান বিহুৱা গৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে । তেওঁৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট পৰিমানে অৰ্থৰ প্ৰয়োজন । ভীষণ আৰ্থিক সংকটত পৰি বৰ্তমান পৰিয়ালটোৱে দিগবিদিক হেৰুৱাইছে ।  অসমৰ স্বাভিমান বিহুক   অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত পৰিবেশন কৰি অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাত দেহ মন ত্যাগ কৰা বিহুৱা গৰাকীৰ এই বিপদৰ সময়ত সকলোৰে সহায়ৰ হাত প্ৰয়োজন । সেয়েহে সকলো সংস্কৃতিবান ব্যক্তি,দল-সংগঠন, বিহুৱা-বিহুৱতী, বন্ধুবৰ্গ, শুভাকাংক্ষীক সামৰ্থ্য অনুযায়ী বিহুৱা গৰাকীক সহায় কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে । আপোনাৰ কিঞ্চিত সহায়ে বিহুৱাজনৰ মুখলৈ হাঁহি ঘূৰাই আনিব পাৰিব বুলি পৰিয়ালটো আশাবাদী। সেয়েহে সকলোৱে পোনপটীয়াকৈ তেওঁৰ একাউন্টত সাধ্য অনুযায়ী সহায়ৰ হাত আগবঢাবলৈ অনুৰোধ জনাইছে । পংকজ ডেকাৰ বেংক সবিশেষ ।

*Name- Pankaj Deka

A/C no-20175606647

IFSC-SBIN0001244

South Guwahati Branch*

Phone- 70023 75178

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *