শ্বিলং চেম্বাৰ কয়ৰ’ৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত গীতিকাৰ তথা পিয়ানো বাদক নীল নংকিনৰিহৰ বুধবাৰে দেহাৱসান ঘটে।
শাৰীৰিক অসুস্থতাৰ বাবে মুম্বাইৰ ৰিলায়েন্স চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ-পূবৰ সৰ্বপৰিচিত শিল্পীগৰাকীয়ে।
উল্লেখ্য যে, বিগত ৩ টা মাহ ধৰি কয়ৰৰ কামত মুম্বাইত ব্যস্ত আছিল নীল নংকিনৰিহ আৰু তেওঁৰ সতীৰ্থসকল। কিন্তু মুম্বাইত থকা অৱস্থাতে কিছু শাৰীৰিক অসুস্থতাৰ বাবে মঙ্গলবাৰে তেওঁক চিকিৎসালযত ভর্তি কৰোৱা হয় আৰু এক অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে বুধবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।