পূৱ গুৱাহাটী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মেলা সম্পন্ন

‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পূৱ গুৱাহাটী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন  আয়ুষ্মাণ ভাৰত খণ্ডভিত্তিক স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়৷

এই মেলাখনত স্ত্ৰী আৰু প্ৰসূতি, শিশু, ই এন টি, দন্ত, চকু, অসংক্ৰমিত ৰোগৰ পৰীক্ষণ, পৰিয়াল পৰিকল্পনা সেৱাৰ লগতে বিভিন্ন পৰীক্ষা আৰু বিনামূলীয়া টিকাকৰণৰ সেৱা আগবঢ়োৱা হয়৷ অঞ্চলটোৰ মুঠ ৫৮০ গৰাকী লোকে এই মেলাত বিনামূলীয়া সেৱা লাভ কৰে৷

কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত পূৱ গুৱাহাটী স্বাস্থ্য মণ্ডলে এই স্বাস্থ্য মেলাৰ আয়োজন কৰে৷ স্বাস্থ্য মেলাখন মুকলি কৰে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷

কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° কন্দৰ্প কুমাৰ দাস, মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া, জিলা প্ৰতিষেধক বিষয়া, পূৱ গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু  বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰ জিলাৰ বিষয়ববীয়াসকলো এই মেলাত উপস্থিত থাকে৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *