পূজাৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে নিশা সংঘটিত বাইক দুৰ্ঘটনাত মৃত্যু দুই বন্ধুৰ

বাসন্তী পূজাৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে পথৰ দাঁতিৰ গছত খুন্দা মাৰি অকাল মৃত্যুক সাৱটি লয় বাইক আৰোহী দুই বন্ধুৱে।

নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ধুবুৰী জিলাৰ চাপৰৰ শালকোচাত।

দুৰ্ঘটনাত নিহত যুৱক দুজনক গৌৰাং নগৰৰ বাসিন্দা দেৱজিৎ ৰায় (২৭) আৰু আগমণিৰ বাসিন্দা পৱন চৌধুৰী (৩২) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুয়োজন যুৱক শালকোচাৰ এটা ইটা উদ্যোগত কৰ্মৰত আছিল।

নিশা তেওঁলোকে বাসন্তী পূজাৰ পৰা উভতি অহাৰ সময়তে হাপাপাৰস্থিত গড়কাপ্তানী পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে দুয়োজন যুৱকৰ।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *