পূজাৰ পূৰ্বে গ্ৰাহকে বিশেষ মূল্যত ক্ৰয় কৰিব পাৰিব চেমচাং গেলেক্সি এম আৰু এফ

চেমচাঙে পূজাৰ পূৰ্বে নিৰ্বাচিত গেলাক্সি এম আৰু এফ স্মাৰ্টফোনৰ বিশেষ মূল্য ঘোষণা কৰিছে। এতিয়া গ্ৰাহকে ৬৪৯৯ টকাৰ পৰা আৰম্ভ হোৱা দৰত ক্ৰয় কৰিব পাৰিব গেলেক্সি এম০৪ আৰু গেলাক্সি এফ০৪ মোবাইল ফোন। গেলেক্সী এম০৪ আৰু এফ০৪ নতুন প্ৰজন্মৰ গ্ৰাহকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, ইয়াত ৮জিবি মেমৰী, ৰেম প্লাছ সুবিধা, ১২৮ জিবি ষ্ট’ৰেজ আৰু দীৰ্ঘম্যাদী  ৫০০০ এমএএইচ বেটাৰিৰ সৈতে প্ৰদৰ্শন-চালিত মোবাইল আগবঢ়ায়।

ফেষ্টিভ ছিজনৰ পূৰ্বে ৯১৯৯ টকাৰ পৰা আৰম্ভ হ’ব গেলাক্সি এম১৩ আৰু এফ১৩ মোবাইল। নিৰৱচ্ছিন্ন মনোৰঞ্জনৰ বাবে ডিজাইন কৰা হৈছে এফ১৩, ইয়াত ৫০ মেগাপিক্সেল ট্ৰিপল কেমেৰা, ফুল এইচডি+ ডিছপ্লে, আৰু এটা বিশাল ৬০০০ এমএএইচ বেটাৰী আছে। এম১৩ত বিংগ-ৱাশ্বাৰৰ বাবে ৬.৬” ফুল এইচডি+ ডিছপ্লে, ৬০০০ এমএএইচ বেটাৰী, লগতে ৫০ মেগাপিক্সেল ট্ৰিপল কেমেৰাও আছে।

আজিৰে পৰা কাৰ্যকৰী হ’ব এই আকৰ্ষণীয় উৎসৱৰ মূল্য। এতিয়া গেলেক্সি এম০৪ আৰু গেলাক্সি এম১৩ উপলব্ধে চেমচাং.কমত। লগতে আমাজন আৰু নিৰ্বাচিত খুচুৰা বিপণীতো উপলব্ধ হ’ব। আনহাতে গেলেক্সি এফ০৪ আৰু গেলাক্সি এফ১৩ চেমচাং.কম, ফ্লিপকাৰ্ট আৰু নিৰ্বাচিত খুচুৰা বিপণীতো ক্ৰয় কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *